ডিব্ৰুগড়ৰ খোৱাঙত দুৰ্ঘটনাত থিতাতে নিহত ৩ জন, আন ৩ জনৰ অৱস্থা সংকটজনক

আজি পুৱা মৰাণৰ সমীপৰ খোৱাং ৰঙালাও বজাৰৰ সমীপত এক ভংয়কৰ দুৰ্ঘটনা সংঘটিত হয়। এই ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে তিনিজন লোকে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আন তিনি জন লোক গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণি মতে এখন মাৰুতি ভানৰ সৈতে বিপৰীত দিশৰ পৰা এখন তীব্ৰ বেগী ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক তিনিজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ল মেডিকেললৈ প্ৰেৰণ কৰে।

বাতৰি লিখা পৰলৈকে দুৰ্ঘটনাত নিহত আৰু আহত হোৱা কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।