জম্মু-কাশ্মীৰৰ বুদগামত পুনৰ সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান, তিনি সন্ত্ৰাসবাদী নিহত

Jammu and Kashmir

বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰত চলি থকা সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ জোলৱা ক্ৰলপোৰা চাদুৰা অঞ্চলৰ বুদগামৰ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে তিনিজন সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে।

এই অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

নিহত সন্ত্ৰাসবাদীকেইজনৰ চিনাক্তকৰণ আৰু সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক নিশ্চিত কৰা হৈছে বুলি শুকুৰবাৰে কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে কয়।

কাশ্মীৰৰ আইজিপি বিজয় কুমাৰৰ উদ্ধৃতি দি কাশ্মীৰ জ’ন আৰক্ষীয়ে এটা টুইট কৰে, “বুদগাম এনকাউণ্টাৰত ৩জন সন্ত্ৰাসবাদী নিহত হৈছে। নিহতসকলৰ চিনাক্তকৰণ আৰু সম্পৰ্ক নিশ্চিত কৰা হৈছে। অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে।”

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ আৰম্ভণিৰ বিষয়ে অৱগত কৰিছিল।