লখিমপুৰ খেৰিৰ ঘটনাৰ পুনৰাবৃত্তি! এইবাৰ দিল্লীৰ সীমান্তত ট্ৰাকৰ চেপাত নিহত তিনি প্ৰতিবাদী মহিলা কৃষক

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ ৰ কনভয়ে চাৰিজন কৃষকক মহতিয়াই হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ তদ্ৰুপ ঘটনা ঘটিছে দিল্লীত সীমান্তত।

দিল্লী-হাৰিয়ানাৰ সীমান্তত আজি পুৱা এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে প্ৰতিবাদকাৰী কেইবাগৰাকীও মহিলা কৃষকক।

ফলত তিনিগৰাকী মহিলাৰ মৃত্যু ঘটে। উল্লেখ্য বিগত কিছুদিন ধৰি দিল্লী-হাৰিয়ানাৰ সীমান্তত কৃষকসকলে তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

আজি পুৱাৰ ভাগত একাংশ মহিলা প্ৰতিবাদকাৰীয়ে পথৰ ডিভাইডাৰত বহি থকা সময়তে এখন তীব্ৰ বেগী ট্ৰাকে আহি ডিভাইডাৰত খুন্দা মাৰে। ফলত তিনিগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু ঘটে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিহত মহিলা প্ৰতিবাদকাৰী কেইগৰাকীয়ে পঞ্জাৱৰ মানছা জিলাত থকা নিজৰ ঘৰলৈ বুলি উভতি গৈ থকাৰ সময়তে এই অঘটনটো ঘটে।

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকৰ চালকজনে পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হৈছে।

নিহত মহিলা প্ৰতিবাদকাৰী কেইগৰাকীক ক্ৰমে চিন্দাৰ কৌৰ(৬০),অমৰজিৎ কৌৰ(৫৮),গুৰমাইল কৌৰ(৬০) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোত আহতসকলক ৰোহটকৰ পিজিআই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঝাঝাৰৰ আৰক্ষী অধীক্ষক ৱাছিম আক্ৰামে প্ৰকাশ কৰা মতে দিল্লী-হাৰিয়ানা সীমান্তৰ টিক্ৰি অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

উল্লেখ্য উক্ত স্থানত বিগত ১১ মাহ ধৰি কৃষকসকলে তিনি খন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

উল্লেখ্য উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ অভিযোগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য যে এই হিংসাত্মক ঘটনাত চাৰিজন কৃষক নিহত হৈছিল। আনহাতে মন্ত্ৰীৰ কনভয়ৰ লগত অহা চাৰিজন ব্যক্তিৰো মৃত্যু হৈছিল।

পিছত মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই দেশজুৰি হোৱা প্ৰতিবাদৰ পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল।