ভুৱা আধাৰ কাৰ্ড দেখুৱাই সংসদৰ চৌহদত প্ৰৱেশৰ চেষ্টা : গ্ৰেপ্তাৰ ৩ যুৱক

নতুন সংসদ ভৱনত ভুৱা আধাৰ কাৰ্ড দেখুৱাই আৰক্ষীৰ জালত পৰিল তিনিজনকৈ যুৱক। চি আই এছ এফে তেওঁলোকক গ্ৰেপ্তাৰ কৰি দিল্লী আৰক্ষীক গতাই দিয়ে।

সূত্ৰ অনুসৰি কাছিম, মনীষ আৰু স্বয়ব নামৰ যুৱক তিনিজনে সংসদ চৌহদত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰি আছিল। বৃহস্পতিবাৰে শ্ৰমিকসকলৰ পৰিচয় পত্ৰৰ নিয়মীয়া পৰীক্ষণৰ সময়ত তিনিজন যুৱকৰ পৰিচয় পত্ৰ দেখা পাই সন্দেহ ওপজে চি আই এছ এফৰ জোৱানসকলৰ। পৰীক্ষাৰ অন্তত দেখা গ’ল যে তিনিওজন যুৱকে ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰ কৰি সংসদ চৌহদত কাম কৰি আছিল। লগে লগে যুৱক তিনিজনক আটক কৰি দিল্লী আৰক্ষীক গতাই দিয়ে।

ভুৱা পৰিচয় পত্ৰ লৈ সংসদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল নেকি যুৱক তিনিজনে? ইয়াৰ আঁৰত ডাঙৰ ষড়যন্ত্ৰ আছে নেকি? এইবোৰ কথাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। অৱশ্যে এতিয়াৰ বাবে যুৱক তিনিজনৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।

মন কৰিবলগীয়া যে যোৱা ৩ মে’ত সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব সম্পূৰ্ণৰূপে চি আই এছ এফৰ হাতত অৰ্পণ কৰা হয়। নিৰাপত্তা পৰিৱৰ্তনৰ মূল কাৰণ আছিল ১৩ ডিচেম্বৰত সংসদত সংঘটিত আক্ৰমণ। সেইদিনা অধিৱেশনৰ সময়ত দুজন অচিনাক্ত যুৱকে সংসদত প্ৰৱেশ কৰিছিল। কোনোৱে একো গম পোৱাৰ আগতেই সংসদৰ বেলকনিৰ পৰা জপিয়াই নামি আহিছিল তেওঁলোক। তেওঁলোকে ধোঁৱাৰ বোমা বিস্ফোৰণ কৰিছিল সংসদত।  সংসদৰ ভিতৰত আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল যুৱক কেইজনে। ইয়াৰ পিছত সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে। ইয়াৰ পিছত নিৰাপত্তাৰ দায়িত্ব চি আই এছ এফৰ হাতত অৰ্পণ কৰা হয়।