অসমত বন্দী হাতীৰ সংখ্যা ৩০ শতাংশ হ্ৰাস

২০০৮ চনত অসমত বন্দী হাতী আছিল ১৩০৩টা, আৰু ২০১৮ত গৈ সেয়া হ’লগৈ কেৱল ৯০৫টা।

30 percent decline in captive elephant population in Assam

প্ৰতীকী ফাইল ছবি।

যোৱা এটা দশকত অসমত বন্দী হাতীৰ সংখ্যা ৩০ শতাংশ হ্ৰাস হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে বন্যপ্ৰাণী কৰ্মীসকল।

নৰ্থ ইষ্ট নাওৰ হাতত থকা অসমৰ বন বিভাগৰ প্ৰতিবেদন মতে, ৰাজ্যত বন্দী হাতীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ কথা পোহৰলৈ আহিছে।

অসমৰ বন বিভাগে প্ৰস্তুত কৰা Elephants in Assam প্ৰতিবেদন মতে ২০০৮ চনৰ ডিচেম্বৰলৈকে অসমত বন্দী হাতীৰ সংখ্যা আছিল ১৩০৩টা।

আশ্চৰ্য্যজনকভাৱে, ২০১৮ চনৰ ডিচেম্বৰত বিভাগটোৱে পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখাক দিয়া প্ৰতিবেদন মতে বন্দী হাতীৰ সংখ্যা আছিল মাত্ৰ ৯০৫টা।

এই ৯০৫টা বন্দী হাতীৰ তালিকাখন অসমৰ তদানীন্তন মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ডি পি বাংখাৱালে ২০১৮ চনৰ ৩০ ডিচেম্বৰত বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ হস্তী প্ৰকল্প শাখাক দাখিল কৰিছিল।

২০০৮ৰ প্ৰতিবেদনটোৰ মতে, ৰাজ্যৰ ভিতৰত সৰ্বাধিক ২৬৮টা হাতী আছিল ডুমডুমা সংমণ্ডলত। দুৰ্ভাগ্যজনকভাৱে, ২০১৮ত ডুমডুমাত সেই সংখ্যা কেৱল ৬১টালৈ কমি আহিল।

২০০৮ চনত গোলাঘাট সংমণ্ডলত বন্দী হাতী আছিল ১৭৭টা। আৰু, ২০১৮ত সেই সংখ্যা কমি হ’লগৈ ৮০টা।

শিৱসাগৰ সংমণ্ডলত ২০০৮ৰ ১০০টা হাতী ২০১৮ত কমি ৭৬টা হ’লগৈ।

একেদৰে, ২০০৮ চনত কৰিমগঞ্জ সংমণ্ডলত বন্দী হাতী আছিল ৫৮টা। ২০১৮ত সেয়া হ’লগৈ মাত্ৰ ২৫টা।

লগতে পঢ়ক– হাতী চোৰাং বেপাৰীৰ নে’টৱৰ্কৰ গ্ৰাসত অসমকে ধৰি উত্তৰ-পূবৰ তিনি ৰাজ্য

২০০৮ৰ পৰা ২০১৮ চনৰ ভিতৰত বহুবিলাক বন্দী হাতীয়ে পোৱালি দিয়াৰ তথ্য আছে, তেনেক্ষেত্ৰত হাতীৰ সংখ্যা নাবাঢ়ি ৩০ শতাংশ হ্ৰাসহে পোৱাটো আচৰিত কথা।

আচলতে, ২০১৮ চনত অসমৰ বন্দী হাতীৰ সংখ্যা ২০০৮তকৈ অধিক হ’ব লাগিছিল।

তাৰোপৰি, বনৰ পৰা পোৱালি হাতী ধৰি চোৰাং বেপাৰীয়ে সিহঁতক বন্দী অৱ্স্থাত জন্মা বুলি দেখুওৱা বুলিও বাতৰি ওলাইছে।

বন্দী হাতীৰ সংখ্যা কমা সন্দৰ্ভত ৰাজ্যৰ বন বিভাগে কোনো কাৰণ প্ৰদৰ্শন কৰা নাই।

বন্দী হাতীৰ সংখ্যা হ্ৰাস সন্দৰ্ভত মন্তব্য লোৱাৰ বাবে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ৰঞ্জনা গুপ্তাকো পোৱা হোৱা নাছিল।

“ই এটা অতি গুৰুতৰ বিষয়,” সুখ্যাত পশু অধিকাৰ কৰ্মী দিলীপ নাথে শনিবাৰে নৰ্থ ইষ্ট নাওক জনায়।

নাথৰ মতে হাতীৰ অবৈধ বেহাই অসমৰ ঘৰচীয়া হাতীৰ সংখ্যা হ্ৰাসৰ মূল কাৰণ।

“ভুৱা নথি-পত্ৰৰে অসমৰ বাহিৰলৈ বহু হাতী লৈ যোৱা হয় বুলি আমাৰ হাতত তথ্য আছে,” ঘৰচীয়াই হওক বা বনৰে হওক অসমৰ বাচি থকা বাকী হাতীকেইটা ৰক্ষা কৰিবলৈ অসমৰ ৰাইজ ঐক্যবদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰি নাথে কয়।

লগতে পঢ়ক– চাৰি হাতীৰ গুজৰাট যাত্ৰাৰ বিষয়ে দিল্লীক অন্ধকাৰত ৰাখিছিলে নেকি অসমৰ বন বিভাগে?

শেহতীয়াকৈ, আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা হাতী পৰিবহণ কৰাক লৈ অসমৰ বন বিভাগ শ’লঠেকত পৰিছিল।