• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টকা-পইচা নাই যদি বিধায়কে হাতে লিখি খতিয়ান জমা দিয়ক : ৰিপ’ৰ্ট কাৰ্ড সন্দৰ্ভত ৰঞ্জিত দাস

by
July 1, 2018 9:27 pm
Ranjit

ৰঞ্জিত দাস: ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দলটোৰ বিধায়কসকলক এবছৰীয়া কামৰ খতিয়ানৰ ৰঙীন পুস্তিকা ছপা কৰি দলৰ সভাপতিক জমা দিয়াৰ লগতে ৰাইজৰ মাজত বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ বিধায়কসকলৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টিৰ। মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু থাওৰাৰ বিধায়ক কুশল দুৱৰীয়ে ইয়াৰ বিৰোধিতা কৰি মন্তব্য প্ৰকাশ কৰাও দেখা গৈছিল। ইয়াৰ পাছতে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে সাংবাদিকৰ আগত এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

“যিসকল বিধায়কৰ হাতত টকা-পইচা নাই তেওঁলোকে এছৰৰ খতিয়ান কলমেৰে হাতে লিখি দলক জমা দিয়ক। দলে সেইখন ফটোকপি কৰি বুথৰ সভাপতিক দিয়াৰ ব্যৱস্থা কৰিম। সভাপতিক দিলে বুথটোৱে লাভ কৰিব।” সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়।

Apply Now

তেওঁ লগতে ৰঙীন পুস্তিকা দিব লাগিব বুলি বিধায়কসকলক নিৰ্দেশ দিয়াৰ কথা অস্বীকাৰ কৰে।

ইয়াৰ উপৰি তেওঁ এনেদৰে পুস্তিকা প্ৰকাশ কৰাৰ বাবে বহুত টকা নালাগে বুলি মন্তব্য কৰি তেওঁ নিজৰ সমষ্টিৰ বাবে দুহেজাৰ টকাতে ৭ বছৰ ধৰি পুস্তিকা ছপাই থকা বুলি জানিবলৈ দিয়ে।

তেওঁ পুস্তিকা ছপা কৰিবলৈ দলে পুঁজিৰ যোগান নধৰে বুলি জানিবলৈ দি কয়, “আমি বিধায়কসকলে দা-দৰমহা পাওঁ, গতিকে নিজৰ খৰচতে এই আমি পুস্তিকাসমূহ বনাব লাগিব।”

আনহাতে, কাম সম্পূৰ্ণ নোহোৱাকৈ কামৰ খতিয়ান কেনেকৈ দিম বুলি কেইবাজনো বিধায়কে কৰা মন্তব্য সম্পৰ্কত দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, “কাম সম্পূৰ্ণ কৰাটো বিধায়কৰ দায়িত্ব নহয়। কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব বিভাগৰ বিষয়াসকলৰ আৰু জিলা প্ৰশাসনৰ।” তেওঁ কয় যে বিধায়কজনে ক’ত কিমান পুঁজি আৱণ্টন দিছে পুস্তিকাত সেইটো প্ৰকাশ কৰিব লাগে। কাম সম্পূৰ্ণ হ’ব লাগিব বুলি কোনো কথা নাই বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰি তেওঁ কয়, “বিধায়কে প্ৰকৃততে কাম নকৰে, বিধায়ক হৈছে ‘signatory authority’। জনসাধাৰণে আমাক স্বাক্ষৰ কৰাৰ অধিকাৰ দিয়ে, বিধায়কে কাম কৰা কথাটো মানুহৰ ভ্ৰান্ত ধাৰণা। কাম কৰিব বিভাগেহে।”

তেওঁ এই প্ৰসংগতে কংগ্ৰেছক সমালোচনা কৰি কয়, “কংগ্ৰেছৰ দিনত বিধায়কে পুঁজিও আবণ্টন দিছিল, ঠিকাও কৰিছিল, কামো কৰিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ দিনত কামৰ transparency আছে।”

ইপিনে, কাম কৰিবলৈ বিধায়কে পুঁজি পোৱা নাই বুলি কোৱা কথাষাৰ তেওঁ অবাস্তৱ বুলি মন্তব্য কৰে। তেওঁ কয়, “প্ৰতি বছৰে বিধায়কে কাম কৰিবলৈ এক কোটি টকাৰ পুঁজি পায়। সিদ্ধাৰ্থ ভট্টাচাৰ্য, সুৰেন ফুকনে যি খতিয়ান ছপাই উলিয়াইছে তাত এক কোটি টকাৰ কামৰ হিচাপ লিখা আছে।” তেওঁ কোনো বিধায়কে ‘কাম কৰিবলৈ পুঁজি পোৱা নাই’ বুলি কোৱা নাই বুলি দাবী কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd