NORTHEAST NOW (Assamese)

জখলাবন্ধা চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিলে ম্যাদ ওকলা ঔষধ : তীব্ৰ প্ৰতিক্ৰিয়া

July 12, 2018 9:39 pm · ৰিদিপ শৰ্মা
চকু চিকিৎসা শিবিৰৰ এটা দৃশ্য।
আজি কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ত নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম আৰু পথ পৰিবহণ মন্ত্ৰ্যালয়ৰ উদ্যোগত এটা বিনামূলীয়া চকু চিকিৎসা শিৱিৰ আয়োজন কৰা হয়। বিনামূলীয়া এই চকু চিকিৎসা শিবিৰত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ ৰোগীয়ে অংশগ্ৰহণ কৰে।
কিন্তু চৰকাৰী চিকিৎসালয়খনত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীক ম্যাদ ওকলা ঔষধ কৰি চিকিৎসালয় কৰ্তৃপক্ষই অবিবেচকী কাণ্ড কৰে।
ৰোগীক বিতৰণ কৰা ম্যাদ ওকলা ঔষধ।
জানিব পৰামতে, চিকিৎসালয়খনত বিতৰণ কৰা ঔষধবোৰৰ চলিত বৰ্ষৰ জানুৱাৰিতে ম্যাদ উকলি গৈছে। এনেকুৱা ম্যাদ ওকলা ঔষধ লৈয়ে বহু ৰোগী ইতিপূৰ্বে ঘৰাঘৰি গৈছিল যদিও পিছত সেয়া সচেতন দুই-এজনৰ চকুত পৰে। চিকিৎসকৰ পৰা ঔষধ লাভ কৰা এজন লোকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তৰ সন্মুখতেই এই ঘটনাটো পোহৰলৈ আনে। ইয়াৰ পিছতে চিকিৎসালয়খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা N.H.I.D.C.L. ৰ তৰফৰ পৰা যোগান ধৰা হৈছিল এইসমুহ চকুৰ দৰৱ।
পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আয়োজকে ম্যাদ উকলা ঔষধসমূহ সলনি কৰি দিয়ে। কিন্তু বহু ৰোগীয়ে ইতিমধ্যে চিকিৎসাসেৱা আৰু ঔষধ গ্ৰহণ কৰি ঘৰলৈ উভতি গৈছিল।
জানিব পৰামতে, চাৰি শতাধিক ৰোগীয়ে চকু চিকিৎসাৰ বাবে আজিৰ শিবিৰটোত নাম পঞ্জীয়ন কৰিছিল। চৰকাৰী চিকিৎসালয় এখনত হোৱা চিকিৎসা শিবিৰ এটাত ম্যাদ ওকলা ঔষধ বিতৰণ কৰাৰ দৰেএনেকুৱা অবিবেচকী কাণ্ডক গৰিহণা দিছে স্থানীয় ৰাইজে।

Related News