উত্তৰাখণ্ডৰ ভয়াৱহ বাছ দুৰ্ঘটনাত নিহত ৩২ গৰাকী বিবাহযাত্ৰী, ২০ গৰাকী আহত

Uttarakhand Bus Accident

মঙলবাৰে উত্তৰাখণ্ডৰ কোটদ্বাৰ জিলাত সংঘটিত ভয়াৱহ বাছ দুৰ্ঘটনাত ৩২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। প্ৰায় ৫৫ গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা প্ৰায় ৫০০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাটোত বাছখনত থকা আন প্ৰায় ২০ গৰাকী যাত্ৰী আহত হয় বুলি উদ্ধাৰ অভিযানৰ তদাৰক কৰা এগৰাকী বিষয়াই জানিবলৈ দিয়ে। এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে আৰু আহতসকলক চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

প্ৰকাশিত খবৰ অনুসৰি এখন বিয়াত অংশ লোৱাৰ উদ্দেশ্যে বাছখন হৰিদ্বাৰ জিলাৰ লালধাঙৰ পৰা পাউৰী জিলাৰ বিৰখল খণ্ডলৈ গৈ আছিল। পাউৰী জিলাৰ ধুমাকোটে অঞ্চলত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই খাদত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰত উপস্থিত হয় আৰু তৎকালীন উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিয়ে।

উদ্ধাৰ অভিযানৰ মাজতে উত্তৰাখণ্ড আৰক্ষীৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰা মতে সেই সময়লৈকে ৯ গৰাকী লোকক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল।প্ৰথম অৱস্থাত অৱশ্যে দুৰ্ঘটনাটোত কোনো লোকৰে মৃত্যুৰ খবৰ পোৱা হোৱা নাছিল যদিও আজি উদ্ধাৰ অভিযানত ৩২ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক টুইট যোগে দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি দুৰ্ঘটনাত নিহত সকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এক টুইট যোগে শোক প্ৰকাশ কৰে। দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়ক সমবেদনা জনাই তেওঁ লগতে আঘাতপ্ৰাপ্ত সকল সোনকালেই সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।