কাছাৰ জিলাৰ শিলচৰ চহৰৰ পৰা কিছু দূৰত এগৰাকী কোভিড-১৯ পজিটিভ মহিলা ছাফাই কৰ্মীক তিনিজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।
৩২ বছৰীয়া মহিলাগৰাকী শিলচৰত RE Nursing Home & Diagnostic Centre ৰ কৰ্মচাৰী।
অভিযোগ অনুসৰি, দেওবাৰে সন্ধিয়া জিলাখনৰ ঘুংগুৰ আৰক্ষী চকীৰ অন্তৰ্গত এক আওহতীয়া ঠাইত লোক তিনিজনে মহিলাগৰাকীক ধৰ্ষণ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে শিলচৰৰ কৰ্মস্থানৰ পৰা ঘৰলৈ ওভতাৰ সময়তে ঘটনাটো ঘটে।
ঘুংগুৰ আৰক্ষী চকীত মহিলাগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত সোমবাৰে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
অভিযুক্ত তিনিজনক সময় গোৱালা, কনক লাল গোৱালা আৰু মহেশ গোৱালা বুলি চিনাক্ত কৰা হৈছে।
কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাই জানিবলৈ দিয়ে যে অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত এটা গোচৰ ৰুজু কৰিছে আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
‘’আৰক্ষীয়ে ঘটনাটোৰ তদন্ত চলাই আছে,’’-তেওঁ লগতে জানিবলৈ দিয়ে।
বাতৰি অনুসৰি, ঘটনাৰ বলি মহিলাগৰাকীৰ মেডিকেল পৰীক্ষাৰ সময়ত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।
‘’দণ্ডাধীশৰ আগত হাজিৰ কৰাৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা লোক তিনিজনৰো কোভিড-১৯ টেষ্ট কৰোৱা হ’ব,’’-এগৰাকী আৰক্ষীয়ে বিষয়াই কয়।