কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, চমুকৈ চি.আই.এছ.এফ- ৰ এগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছে তামিলনাডুত।
বুধবাৰে বিয়লি সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। তামিলনাডুৰ চেলেম ষ্টীল প্লাণ্টত কৰ্তব্যৰত আছিল আত্মহত্যা কৰা জোৱানগৰাকী।
নিহত জোৱানগৰাকীক ৩৩ বৰ্ষীয় সকথিভেল বুলি চিনাক্ত কৰা হৈছে। জোৱানগৰাকী তামিলনাডুৰে থেনি জিলাৰ পেৰিয়াকুলাম চহৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তদন্ত অনুসৰি সকথিভেল বিগত কিছুদিন ধৰি হতাশাজনক মানসিক পৰিস্থিতিৰ সৈতে যুঁজি আছিল আৰু ইয়াৰ পৰিণতিতে নিজৰ চাৰ্ভিচ পিষ্টল ব্যৱহাৰ কৰি এই চৰম পথ বাচি লয়।
মৃত্যুৰ সময়ত জোৱানগৰাকীয়ে তেওঁৰ পত্নীৰ লগতে এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায়।
জোৱানগৰাকীয়ে আত্মহত্যা কৰাৰ পিছতে বিভাগীয় সহকৰ্মীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে আৰু পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু তেওঁৰ আত্মহত্যাৰ আঁৰত আন কোনো কাৰণ আছিল নেকি, তাৰ প্ৰমাণ উদঘাটনৰ প্ৰচেষ্টা চলাইছে বুলি জানিবলৈ দিছে।





