NORTHEAST NOW (Assamese)

অসমত ৩৩৬ নতুন ক’ভিড আক্ৰান্ত, ১৩৮৬ আৰোগ্য

October 31, 2020 10:52 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

৩৩৬গৰাকী ব্যক্তি শনিবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৩৮৬গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

২৬,০২২টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ১.২৯ শতাংশ।

আৰোগ্যৰ হাৰ হৈছে ৯৫ শতাংশ।

১,৯৬,০৫১গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ৯৩৬৭ (।)

মুঠ ২,০৬,৩৫১গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড১৯ ৰোগীয়ে শনিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯৩০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— নগাঁৱৰ অৱনী গোস্বামী (৫৫), গোলাঘাটৰ চন্দ্ৰ সিং নাহক (৭০), ডিমা হাচাওৰ বিচতি চাংমা (৫০) আৰু বঙাইগাঁৱৰ হৰেন ৰয় (৭৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ৯২৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

Related News