DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা, তাৰ মাজতে এক সু-খবৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2020 9:00 pm
COVID19: 2310 persons discharged in Assam on Friday
25.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে মঙলবাৰৰ দিনটোতো আহিছে পুনৰ এক ভাল খবৰ।

মঙলবাৰৰ দিনটোত বৰ্তমানলৈকে ৫১গৰাকী ব্যক্তি ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে।

এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা দহ, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা দুই আৰু ডিফুৰ মেডিকেল কলেজ হস্পিতালৰ পৰা এগৰাকী ৰোগীক মুক্তি দিয়া হৈছে।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ৪০গৰাকী ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছিল।

তাৰে গোলাঘাট জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ১২ গৰাকী, শিলচৰ মেডিকেল কলেজ হস্পিতালৰ পৰা ১৮ গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ৯ গৰাকী আৰু ধেমাজি জিলা চিকিৎসালয়ৰ পৰা এগৰাকী লোকক চিকিৎসালয়ৰ পৰা যাব দিয়া হৈছিল।

ৰাজ্যত মুঠ ক’ৰ’ণামুক্ত হৈছে ৩৩৭ গৰাকী লোক। ১১৬৯ গৰাকী লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে।

মুক্তি দিয়া সকলক দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

? Discharge Alert

Glad to share that 1⃣3⃣ more patients have been discharged today after they tested negative for #COVID19 twice.

GMCH 10; FAAMCH 2; Diphu MCH 01

?Total Discharged Patients – 337
?Active Patients – 1169

Update 8:20 PM /June 2#AssamCovidCount pic.twitter.com/JordX4Ir8N

— Himanta Biswa Sarma (@himantabiswa) June 2, 2020

কালিৰ দিনটোত মুঠ ৯৯ গৰাকী লোকক মুক্তি দিয়া হৈছিল ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

২৪ ঘণ্টাৰ ভিতৰত ১৫২ গৰাকী লোক ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে।

যোৱা ৩১ মে’ ৰ দিনা ২২ গৰাকী ৰোগী ক’ৰ’ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

যোৱা ৩০ মে ত  ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছিল।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ২৮ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১৫১৩ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে  যদিও ২৪ ঘণ্টাত ১৫২ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে কিছু পৰিমানে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

Tags: COVID-19

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd