NORTHEAST NOW (Assamese)

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা, তাৰ মাজতে এক সু-খবৰ

June 2, 2020 9:00 pm · কল্পজ্যোতি শইকীয়া
Updated: June 2, 2020 9:11 pm

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে মঙলবাৰৰ দিনটোতো আহিছে পুনৰ এক ভাল খবৰ।

মঙলবাৰৰ দিনটোত বৰ্তমানলৈকে ৫১গৰাকী ব্যক্তি ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে।

এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা দহ, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা দুই আৰু ডিফুৰ মেডিকেল কলেজ হস্পিতালৰ পৰা এগৰাকী ৰোগীক মুক্তি দিয়া হৈছে।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ৪০গৰাকী ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছিল।

তাৰে গোলাঘাট জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ১২ গৰাকী, শিলচৰ মেডিকেল কলেজ হস্পিতালৰ পৰা ১৮ গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ৯ গৰাকী আৰু ধেমাজি জিলা চিকিৎসালয়ৰ পৰা এগৰাকী লোকক চিকিৎসালয়ৰ পৰা যাব দিয়া হৈছিল।

ৰাজ্যত মুঠ ক’ৰ’ণামুক্ত হৈছে ৩৩৭ গৰাকী লোক। ১১৬৯ গৰাকী লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে।

মুক্তি দিয়া সকলক দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত মুঠ ৯৯ গৰাকী লোকক মুক্তি দিয়া হৈছিল ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

২৪ ঘণ্টাৰ ভিতৰত ১৫২ গৰাকী লোক ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে।

যোৱা ৩১ মে’ ৰ দিনা ২২ গৰাকী ৰোগী ক’ৰ’ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

যোৱা ৩০ মে ত  ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছিল।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ২৮ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১৫১৩ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে  যদিও ২৪ ঘণ্টাত ১৫২ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে কিছু পৰিমানে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

Related News