মানুহে মানুহৰ বাবে। বৰ্তমানৰ ব্যস্ততাপূৰ্ণ তথা যান্ত্ৰিকতা যুগত আজিও হেৰাই যোৱা নাই মানৱতা। আজিৰ আমাৰ সমাজত জীয়াই আছে একাংশ মানৱ দৰদী ব্যক্তি।
হয়! কিছুদিন পূৰ্বে নৰ্থ ইষ্ট নাওত প্ৰকাশ পাইছিল শিৱসাগৰ কালুগাঁও জাপিসজিয়াৰ ভবেন গগৈৰ কৰুণ কাহিনী।
যি গৰাকী ভবেন গগৈৰ এক দূৰ্ঘটনাৰ বাবে খোজ কাঢ়িব নোৱাৰা হৈ যোৱা ছয়টা বছৰ চুচৰি চুচৰি সকলো কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল।
পৰিয়াল পোহপাল দিব নোৱাৰা বাবে পত্নী কন্যাইও এৰি গৈছিল ভবেন গগৈক।
ভবেন গগৈৰ এই কৰুণ কাহিনী সংবাদ মাধ্যমত পোৱাৰ পিছতেই তেওঁক সহায় কৰিবলৈ ওলাই আহে একাংশ হৃদয়বান ব্যক্তি।
যুৱ সমাজকৰ্মী পৰিক্ষিত বৰুৱা আৰু শিৱসাগৰৰ দুই সাংবাদিক মুন্না আগৰৱাল আৰু জিতুল খানৰ প্ৰচেষ্টাত ভবেন গগৈক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয়।
কিছুদিন চিকিৎসালয়ত থকাৰ পাছত এতিয়া ভবেন গগৈ সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ ওভতিল।
আজি ভবেন গগৈক চলাফুৰা কৰিবলৈ শিৱসাগৰ জিলা প্ৰতিবন্ধী সমন্বয় সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ দত্ত ইৰু সম্পাদক নেকিবুদ্দিন আহমেদে এখন তিনিচকীয়া চাইকেল প্ৰদান কৰে।
ইয়াৰোপৰি যুৱ সমাজসেৱিকা প্ৰণামী দত্তই ভবেন গগৈলৈ খাদ্য সামগ্ৰীৰ লগতে কাপোৰ আগবঢ়ায়।
যুৱ সমাজকৰ্মী পৰিক্ষিত বৰুৱা আৰু সাংবাদিক জিতুল খানৰ উপস্থিতি ভবেন গগৈক এই সামগ্ৰী সমুহ বিতৰণ কৰা হয়।