• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা শুভাৰম্ভ : উদ্বোধন কৰিলে বংগৰ তথাগত ৰয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 7:26 am
index.jpga
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমীয়া আৰু বাংলা ভাষা-ভাষীৰ মিলা-প্ৰীতি ঐতিহাসিক। সাময়িক সংঘাত পাহৰি আমি নতুন চিন্তাৰে একেলগে আগুৱাব লাগিব। অসমীয়া ভাষা বৰ মিঠা।’, অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য প্রকাশ কৰে পশ্চিমবংগ নিবাসী ভাৰতৰ বিশিষ্ট লেখক-চিন্তাবিদ তথা ত্ৰিপুৰাৰ প্রাক্তন ৰাজ্যপাল তথাগত ৰয়ে।

প্রাচীন কামৰূপৰ পৰা ৰুদ্ৰসিংহৰ যুগলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকালৈ উত্তৰ-পূৰ্বঞ্চলৰ সৈতে থকা মহাভাৰতীয় প্রাচীন সম্পৰ্কৰ বিভিন্ন এতিহাসিক দিশ তেওঁ নিজৰ ভাষণত বিশ্লেষণ কৰে।

Apply Now

গ্ৰন্থই সদায়ে মানুহৰ জ্ঞানোদয় কৰি অহা বুলি উল্লেখ কৰি তেওঁ অসম প্রকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ সাফল্য কামনা কৰে।

৩৩ সংখ্যক শুৱাহাটী গ্ৰন্থমেলা বন্তি প্রজ্জলনেৰে উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে গ্ৰন্থক মৰুভূমিৰ উদ্যানৰ সৈতে তুলনা কৰে।

প্ৰসংগক্ৰমে তেওঁ কয়, ‘গ্রন্থই পৃথিৱীখনক জীপাল কৰি ৰাখিছে। গ্ৰন্থই আমাক চিন্তা আৰু জ্ঞান দিয়ে৷ গ্ৰন্থৰ শক্তি অস্ত্ৰতকৈ বহু বেছি।’

ইপিনে গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ য়েছে দৰজে ঠংচিয়ে গ্রন্থমেলাই সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই অনা বুলি মন্তব্য কৰে।

‘ক’ৰ’ণা মহামাৰীৰ সময়ত কিতাপ পঢ়া মানুহৰ সংখ্যা বৃদ্ধি হোৱা বুলি সামাজিক মাধামত তথ্য প্রকাশ পাইছে। বিপদকালত এয়াও নিশ্চিতভাৱে শুভ সংবাদ৷ লেখকসকলে এই সময়চোৱাত সৃষ্টিৰ বাবে অফুৰন্ত সময় পালে। ক’ৰ’ণা কালৰ এই কথাই প্রমাণ কৰিছে যে, সাহিত্য কোনোকালেই থমকি নৰয়’, এনেদৰেও কয় প্ৰসিদ্ধ সাহিত্যিকগৰাকীয়ে৷

তদুপৰি লুম্মেৰ দাইক লেখক-সাহিত্যিকৰূপে গঢ়ি তোলাত অসম প্ৰকাশন পৰিষদৰ অৱদানক স্বীকাৰ কৰি ঠংচিয়ে কয় যে, ‘এনে কামবোৰে দুখন ৰাজ্যৰ ভাষা-সাহিত্যৰ সেঁতু বান্ধিছে।’
গুৱাহাটী গ্রস্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই।

ভাষণ প্ৰসংগত তেওঁ ক’ৰ’ণাৰ সময়চোৱাতো প্রকাশন পৰিষদে গ্রন্থৰ কাম অব্যাহত ৰখা বুলি সদৰি কৰি এই সময়চোৱাতে ৩৯ খন নতুন গ্ৰন্থ আৰু ৪১ খন গ্ৰন্থ পুনৰমুদ্ৰণ হৈছে বুলি উল্লেখ কৰে।

১২ খন গ্ৰন্থ উন্মোচন

গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে উন্মোচিত হয় অসম প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা ১২ খনকৈ গ্ৰন্থ৷ ইয়াৰ ভিতৰত আছে ডঃ ডম্বৰুধৰ নাথ সম্পাদিত অনিৰুদ্ধদেৱ ৰচনাৱলী, ডঃ সদানন্দ পায়েং সম্পাদিত অই নিঃতম, বিপুলজ্যোতি শইকীয়া সম্পাদিত হীৰেন ভট্টাচাৰ্য ৰচনাৱলী, জয়ন্ত মাধৱ বৰা সম্পাদিত লুম্মেৰ দাই ৰচনাৱলী, ড়ঃ গোবিন্দ প্ৰসাদ শৰ্মা সম্পাদিত ৰজনীকান্ত বৰদলৈ ৰচনাৱলী, ডঃ উপেন ৰাভা হাকাচাম সম্পাদিত বিবাৰ বাদুংডুপ্পা বিৰতা, তিলক চন্দ্ৰ মজুমদাৰে প্রণয়ন কৰা বৰগীত, মায়া সিং ব্ৰহ্ম আৰু মাধৱীলতা ৰামচিয়াৰীয়ে বড়ো ভাষালৈ অনুবাদ কৰা, ৰনচাইনাই ৰাইথাই বিদান, ড’ উপেন ৰাভা হাকাচাম সম্পাদিত ৰাভা খুত্ৰাইছিনি খুৰাংচি, প্ৰয়াত ভগগিৰী ৰায়চৌধুৰীৰ অম্বিকাগিৰীৰ সংগ্রাম আৰু সাৰস্বত সাধনা, অতুল চন্দ্ৰ হাজৰিকাৰ নৰকাসুৰ নাটকৰ ডঃ দীপক কুমাৰ শৰ্মাই সংস্কৃতলৈ কৰা অনুবাদ নৰকাসুৰম, আৰু গীতা ভৰালীয়ে অনুবাদ কৰা ৰবীন্দ্ৰনাথৰ এমুঠি গল্প।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd