আত্মহত্যা বা অগ্নিদগ্ধ হৈ মৃত্যু নহয়! বেংগালুৰুৰ এজন ৩৪ বছৰীয়া চফটৱেৰ ইঞ্জিনিয়াৰক হত্যা কৰা হৈছে। যৌন সম্পৰ্কত সন্মতি নিদিয়াৰ বাবে চুবুৰীয়া এজন ১৮ বছৰীয়া যুৱকে ডিঙি চেপি তেওঁক হত্যা কৰে।
যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ অপৰাধ স্বীকাৰ কৰে বুলি বেংগালুৰু আৰক্ষীয়ে জানিবলৈ দিয়ে।
যোৱা ৩ জানুৱাৰীত শৰ্মিলা ডি কে নামৰ যুৱতীগৰাকীৰ মৃতদেহ নিজ ঘৰৰ পৰা উদ্ধাৰ হৈছিল। তদন্তৰ সময়তে যুৱতীগৰাকীৰ এপাৰ্টমেণ্টত জুই লাগিছিল বুলি আৰক্ষীয়ে গম পায়। তদন্তকাৰীয়ে ধাৰণা কৰিছিল যে সেই সময়ত যুৱতীগৰাকী ঘৰত আবদ্ধ হৈ পৰিছিল। ইয়াৰ বাবেই শ্বাসৰুদ্ধ হৈ তেওঁৰ মৃত্যু হয়।
কিন্তু তদন্তকাৰীয়ে শৰ্মিলাৰ ঘৰৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰা হত্যাৰ আভাস পাইছিল। উপলব্ধ সকলো প্ৰমাণৰ ভিত্তিত তদন্তকাৰীয়ে কৰ্ণাল কুৰাই নামৰ এজন যুৱকৰ বিষয়ে জানিবলৈ সক্ষম হয়। লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ দাবী, কৰ্ণালে জেৰাৰ সময়ত চাপত পৰি শৰ্মিলাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, কৰ্ণালে জেৰাৰ সময়ত দাবী কৰিছিল যে ৩ জানুৱাৰীৰ নিশা প্ৰায় ৯ বজাত শৰ্মিলাৰ ফ্লেটত খিৰিকীৰে প্ৰৱেশ কৰিছিল। তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল।
কিন্তু যুৱতীগৰাকীয়ে সেই কথাত সন্মতি নিদিলে। তেওঁ তাক বাধা দিছিল। সেই খঙতে সি তেওঁক হত্যা কৰিছিল। পিছত নিজক বচাবলৈ ঘৰটোত জুই লগাই দিয়ে। কৰ্ণালে জনায় যে সি যাবৰ সময়ত শৰ্মিলাৰ মোবাইলটোও লৈ গৈছিল।





