ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মি চমুকৈ (ডি এন এল এ)ই কাইলৈ ১৭ এপ্ৰিলত ৩৬ ঘণ্টীয়া ডিমা হাচাও আৰু কাৰ্বি আংলং জিলা বন্ধৰ ঘোষণা কৰিছে। ডিমাচা সংবাদ মাধ্যমলৈ অজ্ঞাত স্থানৰ পৰা প্ৰেৰণ কৰা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এটা ভিডিঅ’ ক্লিপিঙৰ জৰিয়তে তেওঁলোকে এই বন্ধ ঘোষণা কৰিছে।
বিবৃতিটোত ডি এন এল এৰ প্ৰচাৰ সচিব ৰিংছমাই কাইলৈ আৱেলি ৫ বজাৰ পৰা বন্ধ ঘোষণা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
তদুপৰি বিবৃতিটোত ডিমাচা ৰাজত্বৰ কথা উল্লেখ কৰি কোৱা হয়, ‘ডিমাচা সকলৰ মাজত ভ্ৰাতৃত্ববোধ জগাই তোলাৰ উপৰি নিজৰ হেৰাই যোৱা ৰাজত্ব ওভতাই অনাৰ কাৰনেই এই সংগঠনে কাম কৰিব। বিশেষকৈ স্বাধীন আৰু সাৰ্বভৌম ডিমাচা ৰাষ্ট্ৰৰ কাৰনে ডি এন এল এ যুঁজ দি যাব।’
ইয়াৰ উপৰি ডিমাচাসকলৰ উঠি অহা প্ৰজন্মৰ ভবিষ্যত সুৰক্ষিত ৰখাৰ কাৰনে কেন্দ্ৰীয় চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি কয় যে নিজৰ মাতৃভূমি ৰক্ষাৰ্থে প্ৰাণাহুতি দিয়াতও কুণ্ঠাবোধ নকৰে ডি এন এল এৰ সদস্যসকলে।
আনহাতে এই সন্দৰ্ভত ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষকে নৰ্থ-ইষ্ট নাওক জনাই যে ডি এন এল এৰ সাংগঠনিক ভিত্তি নাই। ৫-৬ জনৰ এটা গোট হ’ব পাৰে। তদুপৰি ইতিমধ্যে উচ্চ ন্যায়ালয়ে বন্ধক অবৈধ ঘোষণা কৰাৰ কথা উল্লেখ কৰি কয় যে তথাকথিত উগ্ৰপন্থী সংগঠনৰ এনে ভয়ভাবুকিৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’ব।