কেবিনেট মন্ত্ৰীক হত্যাৰ পৰিকল্পনা! আৰক্ষীৰ জালত চাৰি ষড়যন্ত্ৰকাৰী
উত্তৰাখণ্ডৰ পশুপালন মন্ত্ৰী সৌৰভ বহুগুণাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত চাৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে। মন্ত্ৰীগৰাকীক হত্যাৰ এই পৰিকল্পনা ৰচনা কৰা হৈছিল কাৰাগাৰৰ ভিতৰৰ পৰা।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড হৈছে হীৰা সিং নামৰ এগৰাকী ব্যক্তি। অভিযুক্ত হীৰা সিং অবৈধ খনিৰ গোচৰত কাৰাৰুদ্ধ হৈছিল।
তেওঁৰ এই কাৰাবাসৰ বাবে সিঙে মন্ত্ৰী সৌৰভ বহুগুণাকে দায়ী বুলি অভিহিত কৰিছিল আৰু সেয়ে কাৰাগাৰত থকাৰ সময়তে আন কেইগৰাকী অভিযুক্তৰ সৈতে লগ লাগি বহুগুণাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল।
হীৰা সিঙৰ মন্ত্ৰী বহুগুণাৰ হত্যাৰ ষড়যন্ত্ৰত জড়িত আন তিনিগৰাকী অভিযুক্তক ক্ৰমে সতনাম সিং ওৰফে সত্তা, হৰভজন সিং আৰু মহম্মদ আজিজ ওৰফে গুড্ডু বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
সৌৰভ বহুগুণাৰ প্ৰতিনিধি তথা বিজেপি নেতা উমাশংকৰ দুবেৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত সোমবাৰে উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জৰ পৰা আৰক্ষীয়ে চাৰিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ উদ্ধৃতি মতে হীৰা সিঙে জামিনত মুকলি হোৱাৰ পিছত হৰভজনৰ জৰিয়তে সতনাম সিং ওৰফে সত্তাক ৫.৭০ লাখ টকা পৰিশোধ কৰিছিল। সত্তাই বহুগুণাক হত্যাৰ বাবে মহম্মদ আজিজ ওৰফে গুড্ডু নামৰ শ্বুটাৰগৰাকীক নিযুক্তি দিয়াৰ দায়িত্ব লৈছিল।
গুড্ডু আৰু হীৰা সিঙৰ গাড়ীৰ পৰা প্ৰায় ২.৭০ লাখ টকা উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিছে।
উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুণাৰ পুত্ৰ সৌৰভ বহুগুণা পুষ্কৰ সিং ধামী মন্ত্ৰীসভাৰ কনিষ্ঠতম সদস্যসকলৰ ভিতৰত অন্যতম।
হত্যাৰ ষড়যন্ত্ৰৰ কথা ফাদিল হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ধামীয়ে আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰৰ সৈতে এক জৰুৰী বৈঠকত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ইতিমধ্যে মন্ত্ৰীগৰাকীৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।