• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত শোকাৱহ ঘটনাঃ বুণ্ডেলখণ্ড মহোৎসৱত আতচবাজী বিস্ফোৰণত চাৰি শিশু নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2024 4:09 pm
Bundelkhand Gaurav Mahotsav Uttar Pradesh
12.4k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ বুণ্ডেলখণ্ড গৌৰৱ মহোৎসৱত যোৱা নিশা সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মহোৎসৱত আতচবাজী প্ৰদৰ্শনৰ সময়ত সংঘটিত বিস্ফোৰণত চাৰিটা শিশু নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

ঘটনা সন্দৰ্ভত প্ৰয়াগৰাজ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে ফৰেনছিক দল, বোমা নিষ্কাশন স্কোৱাডৰ এটা দল ঘটনাস্থলীত উপস্থিত আছে।

জ্যেষ্ঠ বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত তিনিজন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু এফআইআৰত অধিক লোকৰ নাম উল্লেখ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে কয়।

নতুন দিল্লীৰ আৰু লক্ষ্ণৌৰ পৰা তদন্তৰ বাবে বিশেষজ্ঞ দল উপস্থিত হোৱা বুলি উল্লেখ কৰি তেওঁ অৱশ্যে তদন্তৰ সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। লগতে নিহত শিশুসকলৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱা নাই বুলিও তেওঁ সদৰী কৰে।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) পদৰ বিষয়াৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ তদন্ত সমিতি এখনক নিৰ্দেশ দিছে।

লগতে নিহতসকলৰ পৰিয়ালৰ বাবে ৫ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে নিহত শিশুসকলৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই প্ৰশাসনে।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰা মতে এতিয়ালৈকে দুজন শিশুৰ পৰিয়ালক সাক্ষাৎ কৰা হৈছে। ইয়াৰে এজন এলাহাবাদৰ আৰু আনজন প্ৰয়াগৰাজৰ বাসিন্দা বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd