DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিবাহথলীত আনন্দৰ ঠাইত শোকৰ বন্যা: চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে দুই শিশুসহ চাৰিগৰাকীয়ে

৬০ গৰাকীতকৈও অধিক আহত, গুৰুতৰভাৱে অগ্নিদগ্ধ ১২ গৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2022 10:43 am
Cylinder Explosion In Rajasthan
118
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ যোধপুৰত এখন বিবাহথলীত সংঘটিত ভয়াৱহ চিলিণ্ডাৰ বিস্ফোৰণত দুটি শিশুসহ চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৬০ গৰাকী নিমন্ত্ৰিত অতিথি আহত হয়।

বিয়াৰ আহাৰ ৰন্ধা ঠাইত থকা পাঁচটাকৈ চিলিণ্ডাৰৰ গেছ লিক হোৱাৰ ফলত এই শক্তিশালী বিস্ফোৰণ সংঘটিত হয় বুলি জানিব পৰা গৈছে।

এই ভয়াৱহ বিস্ফোৰণে বিবাহথলীত মুহূৰ্তৰ ভিতৰতে আতংকৰ সৃষ্টি কৰে। বিস্ফোৰণৰ ফলত বিয়া অনুষ্ঠিত হোৱা মণ্ডপৰ এটা অংশও ভাঙি পৰে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ সময়ত বহু লোকে খাদ্য গ্ৰহণ কৰি আছিল। বিস্ফোৰণত বিবাহত বহিবলগীয়া দৰাগৰাকীও কিছু পৰিমাণে আহত হয়।

এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে জিলা উপায়ুক্ত হিমাংশু গুপ্তা আৰু গ্ৰাম্য আৰক্ষী অধীক্ষক অনিল কায়াল ঘটনাস্থলীত উপস্থিত হয়।

জিলা উপায়ুক্ত হিমাংশু গুপ্তাই ঘটনা সন্দৰ্ভত কয়, “এয়া অত্যন্ত ভয়াৱহ দুৰ্ঘটনা। আহত ৬০ গৰাকীৰ ভিতৰত ৪২ গৰাকীক এম জি এইচ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহতসকলৰ চিকিৎসা চলাই থকা আছে।”

ইফালে আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল’বলৈ স্থানীয় বিধায়িকা মীনা কানৱাৰ চিকিৎসালয়ত উপস্থিত হয়। প্ৰকাশিত খবৰ অনুসৰি আহতসকলৰ ভিতৰত ১২ গৰাকী লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলটে আজি সন্ধিয়া চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd