• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাৰ বেয়া খবৰৰ মাজে মাজে আজিৰ দিনটোৰ এটা ভাল খবৰ; কি এই ভাল খবৰ?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 3, 2020 5:21 pm

2 min read

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

13.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ সংক্ৰমণ। কিন্তু এই বেয়া খবৰৰ মাজে মাজে  আজিৰ দিনটোতো আহিছে পুনৰ এক ভাল খবৰ।

আজিৰ দিনটোত বৰ্তমানলৈকে ৬৭গৰাকী লোক ক’ৰ’ণামুক্ত হৈছে।

ক’ৰ’ণামুক্ত হোৱা সকলৰ মাজত সোণাপুৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ৩৯ গৰাকী, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ পৰা দহগৰাকী, ডিমা হাছাও অসামৰিক চিকিৎসালয়ৰ পৰা সাতগৰাকী, GMCHৰ পৰা চাৰিগৰাকী, শিলচৰ মেডিকেল কলেজৰ পৰা দুগৰাকী, যোৰহাট মেডিকেল কলেজৰ পৰা তিনিগৰাকী, MMCHৰ পৰা এগৰাকী আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী লোকক মুক্তি দিয়া হৈছে।

ৰাজ্যত মুঠ ক’ৰ’ণামুক্ত হৈছে ৪০৪ গৰাকী লোক। ১২৬১ গৰাকী লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে।

মুক্তি দিয়া সকলক দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

? Discharge Alert

67 patients discharged today after they tested ve- for #COVID19 twice

Sonapur CH 39; FAAMC 10; Dima Hasao CH 7; GMCH 4; SMCH 2; JMCH 3; MMCH 1; Golaghat CH 1

?Total Discharged Patients – 404
?Active Patients – 1261

Update 4:00 PM/June 3#AssamCovidCount pic.twitter.com/dciNtjogEJ

— Himanta Biswa Sarma (@himantabiswa) June 3, 2020

কালিৰ দিনটোত ৯১ গৰাকী লোক ক’ৰ’ণামুক্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভটিছিল। কালিৰ পৰা আজিলৈকে ১৫৮ গৰাকী ৰোগী ক’ৰ’ণামুক্ত হৈছে।

যোৱা ১ জুনত মুঠ ৯৯ গৰাকী লোকক মুক্তি দিয়া হৈছিল ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

যোৱা ৩১ মে’ৰ দিনা ২২ গৰাকী ৰোগী ক’ৰ’ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

যোৱা ৩০ মে’ত  ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৭ মে’ত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে’ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCHৰ পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCHৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ১১১ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১৬৭২ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে  যদিও ২৪ ঘণ্টাত ১৫৮ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে জনসাধাৰণলৈ কিছু পৰিমানে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

Tags: COVID-19

Recent News

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd