‘৪২০‘-এ কৈছে ’৪০০‘ আসনৰ কথা! বিজেপিক কটাক্ষ প্ৰকাশ ৰাজৰ

Prakash Raj BJP

যিসকল ‘৪২০‘ অৰ্থাৎ প্ৰৱঞ্চক, তেওঁলোকে আগন্তুক সাধাৰণ নিৰ্বাচনত ৪০০ আসন লাভ কৰাৰ কথা কৈছে।– এই মন্তব্য কৰিছে দেশৰ এগৰাকী আগশাৰীৰ অভিনেতা প্ৰকাশ ৰাজে।

বিগত সময়ছোৱাত সততে বিজেপিক তীক্ষ্ণ সমালোচনা কৰি অহা অভিনেতাগৰাকীয়ে দেওবাৰে কৰ্ণাটকৰ চিক্কামংগালুৰ প্ৰেছ ক্লাবত নিজ ভাষণত বিজেপিৰ নাম উল্লেখ নকৰাকৈয়ে এইদৰে কটাক্ষ কৰে।  

প্ৰকাশ ৰাজৰ মতে, ৪২০  কৰাসকলেহে ৪০০খন আসন পোৱাৰ কথা ক’ব। কংগ্ৰেছেই হওক বা আন যিকোনো দলেই হওক, এনে কথাৰ দ্বাৰা দলটোৰ অহংকাৰৰ প্ৰতিফলন ঘটিছে বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪০০ৰো অধিক আসন লৈ এন ডি এ পুনৰ ক্ষমতালৈ ঘূৰি আহিব বুলি কৰা দাবীক পৰোক্ষভাৱে কটাক্ষ্য কৰি  অভিনেতাগৰাকীয়ে যে এই মন্তব্য কৰিছে, সেয়া স্পষ্ট বুলিব পাৰি।

অভিনেতা প্ৰকাশ ৰাজৰ ভাষ্য অনুসৰি  গণতন্ত্ৰত এটা দলে ৪০০ বা তাতকৈ অধিক আসন লাভ কৰাৰ কোনো সম্ভাৱনা নাই। প্ৰকাশ ৰাজৰ মতে, যদিহে জনতাই মত দিয়ে, তেতিয়াহে দল এটা এখন আসনত জয়ী হ’ব পাৰিব।

“কোনো ৰাজনৈতিক দলে আগবাঢ়ি গৈ আসন ল’ব পাৰে বুলি দাবী কৰিব নোৱাৰে। এনে কাৰ্যক অহংকাৰ বুলি কোৱা হ’ব।”- তেওঁ লগতে কয়।

উল্লেখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এ ৪০০ৰো অধিক আসন লৈ পুনৰ ক্ষমতালৈ আহিব বুলি মন্তব্য কৰিছিল। লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰত মোদীয়ে এনে মন্তব্য কৰিছিল।