টাৰ্গেট বহুত! প্ৰতিমাহে ৪,৫০০লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ কৰিব লাগিব বিক্ৰী

হাজাৰ কোটিৰ ঋণ লোৱা অসম চৰকাৰৰ এইবাৰ শেষ ভৰষা সুৰা৷শেহতীয়াকৈ অসমত অভাৱনীয় হাৰত হ্ৰাস পাইছে সুৰাৰ বিক্ৰীৰ পৰিমাণ৷আপুনি আচৰিত হ’লেও এয়া বাস্তৱ যে অসমত ৫০% মদৰ বিক্ৰী হ্ৰাস পাইছে৷মদৰ বিক্ৰী হ্ৰাস হোৱাত ৰাজধানী দিছপুৰত লাগিছে হাহাকাৰ৷যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ দিছপুৰে সুৰা ব্যৱসায়ীসকলক বান্ধি দিছে সুৰা বিক্ৰীৰ টাৰ্গেট৷

আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত বৰ্তমান ১৭০৭খন ৱাইন শ্বপ,৯২৩খন বাৰ আৰু ৩৭৩খন দেশীয় সুৰাৰ বিপনী আছে৷তদুপৰি আবকাৰী বিভাগে নতুনকৈ ২৬খন জিলাত ২০৩খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ৰাজ্যত আবকাৰী ৰাজহ সংগ্ৰহ হৈছে ৩,৮১৬কোটি টকা৷কিন্তু ঋণৰ দ্বাৰা ৰাজ্য চলোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে ৮ মাহত দুবাৰকৈ সুৰাৰ দাম বৃদ্ধি কৰে আৰু আবকাৰী ৰাজহ ৪,৫০০ কোটি সংগ্ৰহৰ লক্ষ্য বান্ধি লয়৷

তথ্য অনুসৰি আবকাৰী বিভাগে গুৱাহাটীৰ প্ৰতিখন ৱাইন শ্বপক প্ৰতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰ টাৰ্গেট বান্ধি দিছে৷এই কাণ্ডত সুৰা ব্যৱসায়ীসকল বিবুধিত পৰিছে আৰু সচেতন লোকে প্ৰশ্ন কৰিছে যে এইবাৰ জোৰ-জবৰদস্তি সুৰাপায়ীক অধিক সুৰা ক্ৰয় কৰিবলৈ হেচা প্ৰদান কৰা হ’ব নেকি!