NORTHEAST NOW (Assamese)

ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক ডিফুৰ পৰা নগাঁও কাৰাগাৰলৈ স্থানান্তৰ

September 18, 2018 7:36 pm · মিণ্টু দাস

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ডকমকা কাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে।

সেই অনুযায়ী আজি দিনৰ ভাগত ৰাজ্য জোকাৰি যোৱা উক্ত নৃশংস হত্যাকাণ্ডৰ ৪৭জন অভিযুক্তক কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ কাৰাগাৰৰ পৰা নগাঁৱলৈ লৈ অহা হয়।

নগাঁৱলৈ আনি পোনে পোনে আটাইকেইজন অভিযুক্তক জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। নগাঁও জিলা সত্ৰ ন্যায়াধীশ সংগীতা গগৈ বৰাৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে কেউজন অভিযুক্তক নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে এই কাণ্ডৰ সৈতে জড়িত মুঠ ৪৮ জনক এতিয়ালৈকে চিনাক্ত কৰি বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে যদিও ইয়াৰে এজন নাবালক হোৱাৰ বাবে ৪৭ জনকহে আজি নগাঁৱলৈ লৈ অহা হয়।

চলিত বৰ্ষৰ জুন মাহত ডকমকাত সংঘটিত নৃশংস হত্যাকাণ্ডত গুৱাহাটীৰ পৰা ফুৰিবলৈ যোৱা দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথক একাংশ উন্মাদ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল।

Related News