অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিকৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সাংবাদিক বিপুল ভাগৱতী আৰু নাই।
বহুদিনৰে পৰা জটিল ৰোগত ভুগি মাত্ৰ ৫৮ বছৰ বয়সতে সোমবাৰে পুৱা ৫:৩০ বজাত নাহৰকটীয়াৰ নিজ বাসভৱনত মৃত্যু হয় সাংবাদিকগৰাকীৰ।
যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক ভাগৱতী সাংবাদিক সংস্থা আপকু (Assam Press Corresspondent Union)ৰো জিলা উপদেষ্টা আছিল। ভাগৱতীলৈ ২০১৬ বৰ্ষৰ বাবে পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী ৰাজ্যিক সাংবাদিকতা আগবঢ়াইছিল আপকুৱে।
আমৃত্যু সাংবাদিকতাৰ সৈতে জৰিত ভাগৱতী শেহতীয়াকৈ নিয়মীয়া বাৰ্তাৰ নাহৰকটীয়াৰ প্ৰতিনিধি আছিল। পূৰ্বে তেওঁ অসমীয়া প্ৰতিদিন, আমাৰ অসম আদি কাকতটো সাংবাদিকতা কৰিছিল।
নাহৰকটীয়া প্ৰে’ছ গিল্ডত দিনৰ ১১.৩০ বজাত ১০০টাৰো অধিক সংগঠনৰ লগতে অনেক শুভাকাংক্ষী আৰু সহকৰ্মীয়ে প্ৰয়াত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়।
আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অকালতে বিয়োগ হোৱা সাংবাদিকগৰাকীৰ পৰিয়ালটোক জীৱিকাৰ এটি পথ দিয়াৰ বাবে আপকুৰ সভাপতি মনোজ সিঙে আহ্বান জনাইছে।
আপকুৰ উপৰি আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি নাহৰকটীয়া আৰু নামৰূপৰ সকলো সাংবাদিক সংস্থা আৰু ক্লাবৰ লগতে প্ৰাক্তন বিধায়ক কুসুম্বৰ গগৈ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত আছিল।