NORTHEAST NOW (Assamese)

ফেব্ৰুৱাৰিৰ পৰাই ৰাজ্যখনত সপ্তাহত হ’ব পাঁচটা কৰ্মদিন; বন্ধ থাকিব প্ৰতিটো শনিবাৰ-দেওবাৰ

February 13, 2020 3:29 pm · এন ই নাও নিউজ
Updated: February 13, 2020 3:32 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ফেব্ৰুৱাৰিৰ ২৯ তাৰিখৰ পৰা সপ্তাহত পাঁচটা কৰ্মদিন হ’ব বুলি ঘোষণা কৰিছে উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে।

এতিয়াৰে পৰা ৰাজ্যখনত শনিবাৰ আৰু দেওবাৰটো বন্ধৰ দিন হ’ব যাৰ বাবে কৰ্মচাৰী সকলে প্ৰতিদিনে ৪৫ মিনিট অতিৰিক্তকৈ সেৱা আগবঢ়াব লাগিব।

মহাৰাষ্ট্ৰ কেবিনেটৰ বৈঠকত এই সম্পৰ্কত পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত চৰকাৰী, অৰ্ধচৰকাৰী আৰু স্থানীয় কৰ্মক্ষেত্ৰত প্ৰায় ২০ লাখ কৰ্মচাৰীয়ে কাম কৰি আছে।

‘ফেক্টৰীছ এক্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল দিছপুট এক্ট’ৰ অধীনৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত এই নতুন নিয়ম কাৰ্য্যকৰী নহ’ব।

তদুপৰি, গুৰুত্বপূৰ্ণ সেৱাত ব্ৰতী হৈ থকা চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক এই নিয়মৰ পৰা বাদ দিয়া হৈছে।

এই নতুন নিয়মৰ ফলত প্ৰায় ১৫ লাখ কৰ্মচাৰী উপকৃত হ’ব বুলি আশা কৰা গৈছে।

বৰ্তমানলৈ ৰাজ্যিক কৰ্মচাৰী সকলে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰত বন্ধ লাভ কৰি আহিছিল।

‘‘এই নতুন নিয়মৰ ফলত কৰ্মচাৰী সকলে পৰিয়ালৰ লোকক অধিক সময় দিব পাৰিব আৰু জীৱন ধাৰণৰ শৈলী উন্নত হ’ব। এইক্ষেত্ৰত বিদ্যুৎ, পেট্ৰ’ল আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰৰো কিছু ৰেহাই হ’ব,’’ মহাৰাষ্ট্ৰ চৰকাৰৰ এগৰাকী দায়িত্বশীল বিষয়াই কয়।

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ গেজেটেত বিষয়া সকলৰ সন্মিলনত অংশলোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

১৯৮৫ চনত মহাৰাষ্ট্ৰত সপ্তাহত পাঁচ দিনীয়া কৰ্মদিনৰ নিয়ম বলবৎ কৰা হৈছিল। এইক্ষেত্ৰত ‘চেন্টাৰ ফ’ৰ্থ পে কমিছনে’ ১৯৮৬ চনত সপ্তাহৰ বাকী থকা কৰ্মদিনকেইটাত ৪৫ মিনিট কৈ অতিৰিক্ত সময় বৃদ্ধিৰ বাবে নিৰ্দেশ দিছিল যাৰবাবে কৰ্মচাৰী পৰিষদে ইয়াৰ বিৰোধিতা কৰিছিল আৰু সপ্তাহত পাঁচ দিনীয়া কৰ্মদিনৰ নিয়মৰ বিলুপ্তি ঘটিছিল।

নতুন নিয়ম অনুসৰি এতিয়া ফেব্ৰুৱাৰিৰ ২৯ তাৰিখৰ পৰা মহাৰাষ্ট্ৰত নতুন কৰ্মসময় হ’ব ৰাতিপুৱা ৯.৪৫ ৰ পৰা সন্ধিয়া ৬.১৫ বজালৈ।

Related News