• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উইপ্ৰ’ক ৭০ কোটি টকা দিবলৈ থকাৰ বাবেই অফলাইনত অসমৰ এন আৰ চিৰ তথ্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2020 3:37 pm

2 min read

Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

684
VIEWS
Share on FacebookShare on Twitter

কোনো কাৰিকৰী কাৰণৰ বাবে নহয়, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ‘ক্লাউদ চাৰ্ভিছ প্ৰভাইডাৰক ৭০ কোটি টকা আদায় দিবলৈ থকাৰ বাবেই অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)তথ্য ইয়াৰ ৱেবছাইটত বিচাৰি পাবলৈ নাই।

ক্লাউদ চাৰ্ভিছ প্ৰভাইডাৰ উইপ্ৰ’ৱে কৈছে যে প্ৰতিমাহে ছাৱস্ক্ৰীপশ্যনৰ ব্যয় ৩ লাখ টকা আৰু আন অনাদায়ী ৭০ কোটি টকাৰ বাবেহে ৰাইজে তেওঁলোকৰ নাগৰিকত্বৰ সৱিশেষ পৰীক্ষা কৰি চাব পৰা নাই।

ৰাষ্ট্ৰীয় আলোচনী আউটলুকৰ বাতৰি অনুসৰি উইপ্ৰ’ৱে জানিবলৈ দিয়ে যে ২০১৯ৰ অক্টোবৰত ম্যাদ উকলা তথ্য প্ৰযুক্তি সেৱাৰ .চুক্তি নৱীকৰণ কৰা হোৱা নাছিল।

‘’অৱশ্যে, সম্পৰ্ক অটুট ৰখাৰ বাবে উইপ্ৰ’ৱে ২০২০ চনৰ জানুৱাৰিলৈকে হ’ষ্টিং চাৰ্ভিছৰ মাচুল আদায় দিছে,’’-উইপ্ৰ’ৱে কয়।

গৃহ মন্ত্ৰ্যালয়ে বুধবাৰে স্পষ্ট কৰিছিল যে ক্লাউদত এক কাৰিকৰী বিজুতিৰ বাবে এন আৰ চিৰ তথ্যসমূহ অফলাইন হৈ পৰিছে।

গৃহ মন্ত্ৰ্যালয়ে লগতে কয় যে তথ্যসমূহ সুৰক্ষিত আছে আৰু শীঘ্ৰেই ইয়াৰ বিজুতি দূৰ কৰা হ’ব।

উইপ্ৰ’ৱে লগতে স্পষ্ট কৰিছিল যে যদিহে কৰ্তৃপক্ষই তথ্য প্ৰযুক্তি সেৱাৰ চুক্তি নবীকৰণ কৰে তেনেহ’লে ইয়াৰ সেৱা আগবঢ়োৱাত তেওঁলোকৰ কোনো সমস্যা নাই।

উইপ্ৰ’ লিমিটেডক অসমৰ এন আৰ চি প্ৰকল্পৰ ছিষ্টেম ইন্টিগ্ৰৰেটৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই কয় যে বিষয়টো এন আৰ চিৰ সমন্বয় সমিতিৰ বৈঠকত নিষ্পত্তি কৰা হৈছে।

‘’বৈঠকত সেৱাৰ নৱীকৰণৰ সিদ্ধান্ত লোৱা হৈছিল। উইপ্ৰ’ক যোৱা ৬ ফেব্ৰুৱাৰিত এই বিষয়ে জনোৱা হৈছে। শীঘ্ৰেই এই সেৱা আৰম্ভ হ’ব,’’ শৰ্মাৰ উদ্ধৃতিৰে আউটলুকত কোৱা হয়।

এন আৰ চিৰ পৰা বাদ পৰা আৰু অন্তৰ্ভুক্ত হোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিতং তথ্য ২০১৯চনৰ ৩১ আগষ্টত সম্পূৰ্ণ তালিকা প্ৰকাশ পোৱাৰ পাছত ৱেবছাইট ‘www.nrcassam.nic.in’ত আপলোড কৰা হৈছিল।

বিষয়াসকলৰ পৰা জানিবলৈ দিয়ে যে বিপুল পৰিমানৰ তথ্যৰ বাবে ক্লাউদ চাৰ্ভিছ উইপ্ৰ’ৱে আগবঢ়াইছিল আৰু তেওঁলোকৰ সৈতে যোৱা বছৰৰ ১৯ অক্টোবৰলৈ চুক্তি আছিল।

আনহাতে, এইটো পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই নৱীকৰণ কৰা নাছিল।

উইপ্ৰ’ৱে এই সেৱা বাতিল কৰাৰ পাছত যোৱা ১৫ ডিচেম্বৰৰ পৰা তথ্যসমূহ অফলাইন হৈ পৰিছে।

Recent News

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd