মণিপুৰত হিংসাত্মক ঘটনাৰ অন্ত পৰা নাই। দেওবাৰে ৰাজ্যখনত নতুনকৈ সংঘটিত হয় এলানি অপ্ৰীতিকৰ ঘটনা। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ৫জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে। ইয়াৰ উপৰিও আন ১২ জন লোক গুৰুতৰভাৱে আহত হয় এই হিংসাত্মক ঘটনাত।
জানিব পৰা মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উগ্ৰপন্থীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হয়। ইফালে সাধাৰণ মানুহৰ ওপৰতো গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ইম্ফল উপত্যকাৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে।
লগতে পঢ়ক: আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল
উল্লেখ্য যে কালি মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেণ সিঙে ঘোষণা কৰিছিল যে যোৱা ৪ দিনত নিৰাপত্তা বাহিনীয়ে ৪০ জন সশস্ত্ৰ কুকি উগ্ৰপন্থীক হত্যা কৰিছে। আৰু সেইদিনাই মণিপুৰৰ কেইবাঠাইতো পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।
মন কৰিবলগীয়া যে যোৱা ৩ মে’ৰ পৰা মণিপুৰত গোষ্ঠীগত হিংসাৰ সাক্ষী হৈ আহিছে। মাজতে পৰিস্থিতি কিছু শান্ত হৈ পৰিছিল যদিও পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই। বৰ্তমান ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ কেইবাহাজাৰো জোৱান ৰাজ্যখনত নিয়োজিত হৈ আছে।
লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত
এতিয়ালৈকে হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। অধিকাংশ লোকক চুৰাচান্দপুৰ, মৰে, কাকচিং আৰু কাংপোকপি জিলাৰ পৰা উলিয়াই অনা হয়।
ইয়াৰ মাজতে হিংসাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইফালে বিগত ২৪ ঘন্টাত ইম্ফল পূৱ আৰু পশ্চিম জিলাত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছে।
লগতে পঢ়ক: ৰাজপথত সন্মান লুটিলে সতীৰ্থৰ! ক্ষোভত তাৎক্ষণিক প্ৰতিক্ৰিয়া অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ
অভিযোগ উত্থাপন হৈছে যে কুকি ‘উগ্ৰপন্থীয়ে’ অটোমেটিক ৰাইফল লৈ ঘূৰি ফুৰিছে। পশ্চিম ইম্ফলৰ ফায়েং অঞ্চলত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰে। সেই ঘটনাত এজন আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে আন এজন আৰক্ষী আহত হয়। সেই ঘটনাত ৬ জন সাধাৰণ নাগৰিক গুলীত আহত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো হিংসাত্মক ঘটনা সংঘটিত হৈছে।