• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত সন্ধানহীন অসমৰ পাঁচ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ: নিহতৰ সংখ্যা ছয়জনলৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 8:37 pm
Assam workers missing in Arunachal
115
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ এটা পথ নিৰ্মাণ ক্ষেত্ৰৰ পৰা সন্ধানহীন হোৱা অসমৰ ১৯ জন শ্ৰমিকৰ ভিতৰত পাঁচজন শ্ৰমিকৰ মৃতদেহ এখন ঘন অৰণ্যত উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰকাৰী দলে যোৱা কেইদিনমানৰ ভিতৰত হুৰি আৰু তাপাৰ মাজৰ ঘন অৰণ্যত পাঁচটা সম্পূৰ্ণ গলিত অৱস্থাত মৃতদেহ কেইটা উদ্ধাৰ কৰিছে বুলি কুৰুং কুমেৰ উপায়ুক্ত নিঘি বেংগিয়াই সদৰি কৰিছে।

অৰণ্যৰ মাজত পৃথক পৃথক স্থানত ক্ৰমে ২৫ জুলাইত এজনৰ, ২৬ জুলাইত তিনিজনৰ আৰু ২৮ জুলাইত আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি বেংগিয়াই লগতে কয়।

এই পাঁচটা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে ঘটনাটোত মৃত্যুৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে। হিকমত আলী ফুৰ নামৰ এজন শ্ৰমিকৰ মৃতদেহ ইতিপূৰ্বে নদীত উপঙি থকা অৱস্থাত পোৱা গৈছিল।

উদ্ধাৰ হোৱা মৃতদেহ কেইটা ক্ৰমে ফৰিজুল হক, মৈজল হক, ছোহাৰ আলী আৰু আবুল হুছেইনৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে মৃত আনজন শ্ৰমিকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে মৃতদেহকেইটা সম্পূৰ্ণ ৰূপে গলিত অৱস্থাত থকাৰ বাবে অসমলৈ ঘূৰাই আনিব পৰা নগ’ল।

উল্লেখ্য যে অসমৰ পৰা যোৱা শ্ৰমিকসকলে ঈদৰ ছুটি নোপোৱাৰ বাবে যোৱা ৫ জুলাইত ভাৰত-চীন সীমান্তৰ কোলোৰিয়াঙৰ জিলা সদৰৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত থকা দামিন চক্ৰৰ দূৰৱৰ্তী পথ নিৰ্মাণ স্থানৰ পৰা পলাই আহিছিল।

তাৰ পিছত তেওঁলোকে ৮ আৰু ১১ জনীয়া দুটা গোটত ভাগ হৈ খোজৰে নিজা বাসস্থানলৈ যাত্ৰা কৰিছিল। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল এই শ্ৰমিক সকল।

অৱশ্যে ইয়াৰে দহজন শ্ৰমিকক এতিয়ালৈকে জীৱন্তন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। শাৰীৰিক ভাৱে অত্যন্ত দুৰ্বল অৱস্থাত উদ্ধাৰ কৰা এই শ্ৰমিকসকল বৰ্তমান অৱশ্যে চিকিৎসাৰ পিছত আৰোগ্য হৈ উঠিছে বুলি কুৰুং কুমেৰ উপায়ুক্ত নিঘি বেংগিয়াই উল্লেখ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd