• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে পাঁচজন সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন মুৰব্বীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2021 8:21 pm
Haridwar hate speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মুছলমানৰ গণহত্যাৰ মুকলি আহ্বানৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধী সন্দৰ্ভত বিৰূপ মন্তব্যৰে সমগ্ৰ দেশ জোকাৰি যোৱা হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে পাঁচজন সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন মুৰব্বীৰ লগতে প্ৰাক্তন আমোলা আৰু বিশিষ্ট নাগৰিকসহ এশৰো অধিক লোকে।

পত্ৰখনত খ্ৰীষ্টান, দলিত আৰু শিখ সম্প্ৰদায়ৰ দৰে অন্যান্য সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱাৰ কথাও উল্লেখ কৰা হৈছে।

এনে ধৰণৰ হিংসাৰ আহ্বানে আভ্যন্তৰীণভাৱে বিভেদ সৃষ্টি কৰাৰ লগতে আৰু বাহ্যিক শক্তিকো উৎসাহিত কৰিব পাৰে বুলি পত্ৰখনত উল্লেখ কৰিছে।

পত্ৰখনত কোৱা হৈছে, “ৰাষ্ট্ৰৰ ভিতৰত যিকোনো শান্তি আৰু সম্প্ৰীতি ভংগ কৰিলে বিদ্বেষপূৰ্ণ বাহ্যিক শক্তিক উৎসাহিত কৰিব। আমাৰ বিবিধতাৰে ভৰপূৰ সমাজত এটা সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাৰ বাবে এনে ধৰণৰ স্পষ্ট আহ্বানে গুৰুতৰভাৱে প্ৰভাৱিত কৰিব।”

“হৰিদ্বাৰত অনুষ্ঠিত হিন্দু সাধু আৰু অন্যান্য নেতাসকলৰ ধৰ্ম সংসদ নামৰ ৩ দিনীয়া ধৰ্মীয় সন্মিলনৰ সময়ত দিয়া ভাষণৰ বিষয়বস্তুৰ দ্বাৰা আমি গুৰুতৰভাৱে বিচলিত হৈছো। হিন্দু ৰাষ্ট্ৰ স্থাপন আৰু প্ৰয়োজন হ’লে হিন্দু ধৰ্মৰ সুৰক্ষাৰ নামত অস্ত্ৰ-শস্ত্ৰ উঠাই ভাৰতৰ মুছলমানসকলক হত্যা কৰাৰ বাবে বাৰে বাৰে আহ্বান জনোৱা হৈছিল।

আমি এনে ধৰণৰ উচতনিমূলক ৰাজহুৱা ঘৃণাৰ অভিব্যক্তি আৰু হিংসাৰ অনুমতি দিব নোৱাৰো। এইয়া কেৱল আভ্যন্তৰীণ নিৰাপত্তাৰ গুৰুতৰ উলংঘন নহয়, ই আমাৰ ৰাষ্ট্ৰৰ সামাজিক গাঁথনিও ছিঙি পেলাব পাৰে। এজন বক্তাই সেনা আৰু আৰক্ষীক অস্ত্ৰ-শস্ত্ৰ তুলি ল’বলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এইয়া সেনাক আমাৰ নিজৰ নাগৰিকৰ গণহত্যাত অংশগ্ৰহণ কৰিবলৈ কোৱাৰ সমান। ই নিন্দনীয় আৰু গ্ৰহণযোগ্য নহয়।” এইদৰে পত্ৰখনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ৭৬ জন অধিবক্তাই ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনালৈ পত্ৰ লিখি উচ্চতম ন্যায়ালয়ক এই হিংসাত্মক আহ্বানৰ ক্ষেত্ৰত হস্তক্ষেপ কৰি স্বতঃস্ফূৰ্ত ভাৱে বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd