DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নিৰ্বাচন আয়োগলৈ আইন মন্ত্ৰালয়ৰ ‘কৰ্তৃত্বসূচক’ পত্ৰক অগ্ৰহণীয় আখ্যা প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2021 9:28 am
CEC
194
VIEWS
Share on FacebookShare on Twitter

দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি আইন মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্তক উপস্থিত থাকিবলৈ আহ্বান জনোৱাৰ পিছতে এই কাৰ্যক অগ্ৰহণীয় আখ্যা দিয়ে পাঁচজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তই।

নিৰ্বাচন আয়োগৰ মুৰব্বী আৰু প্ৰধান মন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰৰ মাজত অনানুষ্ঠানিক আলোচনাই নিৰ্বাচন আয়োগৰ স্বাধীনতাৰ প্ৰতিচ্ছবি ক্ষয় কৰিব বুলি আশংকা প্ৰকাশ কৰে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত সকলে।

উল্লেখ্য যে আইন মন্ত্ৰালয়ৰ এজন বিষয়াৰ পৰা নিৰ্বাচন আয়োগে এখন পত্ৰ লাভ কৰিছিল আৰু পত্ৰখনত ‘প্ৰধান সচিব মিশ্ৰাই এক উমৈহতীয়া ভোটাৰ তালিকাৰ ওপৰত এখন সভাৰ সভাপতিত্ব কৰিব আৰু মুখ্য নিৰ্বাচন আয়ুক্ত উপস্থিত থাকিব বুলি আশা কৰে’ বুলি উল্লেখ কৰা হৈছে।

উক্ত পত্ৰখনক চমনৰ লগত তুলনা কৰি সাংবিধানিক নিয়ম উলংঘা কৰা হৈছে বুলি মন্তব্য কৰে এজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তই।

এই কাৰ্যক ‘অত্যাচাৰমূলক’ বুলি অভিহিত কৰি প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেইছিয়ে কয়, “এইয়া গ্ৰহণযোগ্য নহয়। চৰকাৰে ন্যায়িক সংস্কাৰৰ ওপৰত আলোচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ আন সকলো ন্যায়াধীশৰ সৈতে ভাৰতৰ মুখ্য ন্যায়াধীশক মাতিব নেকি? এই ক্ষেত্ৰত এইটোৱেই একমাত্ৰ উপমা প্ৰযোজ্য। তেন্তে নিৰ্বাচন আয়োগক এখন সভাৰ বাবে কিয় মাতিব? আনকি প্ৰধানমন্ত্ৰীয়েও বৈঠকৰ বাবে CEC ক মাতিব নোৱাৰে।”

২০০৪-২০০৫ চনৰ CEC টি এছ কৃষ্ণ মূৰ্তিয়ে কয়, “মই কেৱল এয়াই ক’ব পাৰোঁ যে নিৰ্বাচন আয়ুক্তসকলে ইয়াৰ সাংবিধানিক স্থিতিৰ প্ৰতি গুৰুত্ব দি বিষয়াসকলৰ দ্বাৰা আহ্বান কৰা কোনো সভাত উপস্থিত থকাৰ প্ৰয়োজন নাই।”

২০১৮ চনত CEC ৰ দায়িত্বত থকা অ’ ৰাৱাটে এই সন্দৰ্ভত কয়, “আমি নিৰ্বাচন আয়োগত থাকোতে এনে ঘটনা কেতিয়াও হোৱা নাছিল। কোনো মন্ত্ৰালয়ে এখন সভাৰ বিষয়ে অৱগত কৰি CEC ক উপস্থিত থাকিবলৈ কোৱা নাছিল। যেতিয়া চৰকাৰে এখন সভাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেওঁলোকৰ বিষয়াসকলে আহি আয়ুক্তসকলক তথ্যবোৰ বৰ্ণনা কৰিব।”

আন এজন প্ৰাক্তন CEC ৰ ভাষ্য অনুসৰি পূৰ্বেও সম্পূৰ্ণ আয়োগক চৰকাৰী সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু এনে সভাত কেতিয়াও উপস্থিত থকা নাই বুলি মন্তব্য কৰি তেওঁ এনে কাৰ্যক পৰিহাৰযোগ্য বুলি অভিহিত কৰে।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd