NORTHEAST NOW (Assamese)

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

January 24, 2021 10:56 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

কেইমাহমান পূৰ্বে ফটকা ভৰাই দিয়া আনাৰসৰ খুৱাই এটা গৰ্ভৱতী হাতীক নৃশংসভাৱে হত্যা কৰা কেৰালাত এইবাৰ সংঘটিত হৈছে আন এক অনৰূপ নিৰ্মম ঘটনা।

এইবাৰ এটা নাহৰফুটুকী বাঘ মাৰি ইয়াৰ মাংস ভক্ষণ কৰাৰ অভিযোগ উঠিছে ৫জন লোকৰ বিৰুদ্ধে। লোককেইজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, শুকুৰবাৰে কেৰালাৰ বনবিভাগৰ বিষয়াসকলে খৱৰ লাভ কৰে যে ইড্ডুকি জিলাৰ মানকুলাম অঞ্চলৰ বিনোদ নামৰ এজন লোকৰ ঘৰত নাহৰফুটুকীৰ মাংস ৰন্ধা হৈছে।

ইয়াৰ পাছতে তাত অভিযান চলাই নাহৰফুটুকীৰ ১০ কিলোগ্ৰাম কেঁচা মাংস আৰু ইয়াৰ ছাল তথা দাঁত জব্দ কৰা হয়।

মানকুলামৰ ভি পি কুৰিয়াকোছ(৭৪), ছালি কুঞ্জাপান(৫৪), চি এচ বিনু (৫০), ভিনচেন্ট(৫০) আৰু ঘৰটোৰ গৰাকী বিনোদ পিকে(৪৫)ক গ্ৰেপ্তাৰ কৰা হৈছে।

বনবিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে কেইদিনমান পূৰ্বে বিনোদ আৰু কুৰিয়াকোছে মানকুলাৰ ওচৰৰ মুনিপাৰা বনাঞ্চলৰ পৰা ১০০ মিটাৰ আঁতৰত এটুকুৰা ব্যক্তিগত ভূমিত ফান্দ পাতিছিল।

বুধবাৰে পুৱাই ৬বছৰীয়া নাহৰফুটুকীটো তাত পৰে। অভিযুক্তকেইজনে সেই নাহৰফুটুকীটো বিনোদৰ ঘৰলৈ লৈ গৈ তাক হত্যা কৰি ইয়াৰ মাংস ৰান্ধি খায়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে নাহৰফুটুকীটোৱে বিনোদৰ এটা ছাগলী মাৰিছিল। ইয়াৰ খঙতে ফান্দ পাতি নাহৰফুটুকীটো হত্যা কৰা বুলি বিনোদ আৰু তেওঁৰ সহযোগীসকলে স্বীকাৰ কৰিছে।

অভিযুক্তকেইজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। দোষী সাৱ্যস্ত হ’লে লোককেইজনৰ সাত বছৰ কাৰাদণ্ড হ’ব পাৰে।

Related News