NORTHEAST NOW (Assamese)

মৰ্মান্তিক! ভূমিস্খলনে প্ৰাণ ল’লে কেদাৰনাথ যাত্ৰা কৰা পাঁচ তীৰ্থযাত্ৰীৰ

August 12, 2023 5:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 12, 2023 5:48 pm

হিন্দু ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ তীৰ্থস্থান কেদাৰনাথ দৰ্শনৰ বাবে যাত্ৰাৰত অৱস্থাত প্ৰাণ হেৰুৱাইছে পাঁচগৰাকী তীৰ্থযাত্ৰীয়ে। ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰা পথত হোৱা ভূমিস্খলনত পোঁত যোৱাৰ ফলত তীৰ্থযাত্ৰীকেইগৰাকীৰ মৃত্যু হয়।

অৱশ্য এই শোকাৱহ ঘটনা যোৱা ১০ আগষ্টতে সংঘটিত হৈছিল। বৃহস্পতিবাৰে নিশা সংঘটিত ভূমিস্খলনৰ ফলত খহি অহা মাটিৰ তলত সোমাই পৰিছিল তীৰ্থযাত্ৰীসকলে যাত্ৰা কৰা বাহনখন।

ধাৰাষাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ব্যাহত হৈ পৰিছিল আৰু অৱশেষত কালি তীৰ্থযাত্ৰীসকলৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত ৫ গৰাকীৰ ভিতৰত ৩ জন গুজৰাটৰ, হৰিদ্বাৰৰ এজন তীৰ্থযাত্ৰী আছে।

আনহাতে পঞ্চমগৰাকী নিহত ব্যক্তিক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা চলি থকা বুলি আৰক্ষীয়ে সদৰী কৰে।

উল্লেখ্য যে, বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে ৰাজ্যৰ ছয়খন জিলাত প্ৰচণ্ড বৰষুণৰ ‘অৰেঞ্জ এলাৰ্ট’ আৰু আগন্তুক তিনিদিনলৈ ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে।

এই সময়ত স্থানীয় বাসিন্দাৰ লগতে পৰ্যটকক অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related News