• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিদিৰ দুৰ্গত জোকাৰণি: দিল্লীলৈ গৈ অমিত শ্বাহৰ উপস্থিতিত গেৰুৱা সাজ পিন্ধিলে পাঁচ তৃণমূল নেতা-নেত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 31, 2021 7:39 am

2 min read

a amit
237
VIEWS
Share on FacebookShare on Twitter

বংগ কন্যা মমতাৰ বুকুত কঁপনি তুলি তৃণমূল কংগ্ৰেছৰ পাঁচগৰাকীকৈ নেতা-নেত্ৰীয়ে বিজেপিত যোগদান কৰিলে।

সৌসিদিনালৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি বিশ্বাসী নেতা হিচাবে পৰিচিত হৈ থকা সদ্য পদত্যাগী মন্ত্ৰী ৰাজীৱ বেনাৰ্জীৰ লগতে বৈশালী ডালমিয়া,হাওৰাৰ প্ৰাক্তন মেয়ৰ ৰথীন চক্ৰৱৰ্তী,অভিনয় ক্ষেত্ৰৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া ৰুদ্ৰনীল ঘোষ আৰু প্ৰৱীৰ ঘোষালে যোৱা নিশা বিশেষ বিমানেৰে দিল্লীলৈ গৈ বিজেপিত যোগদান কৰে।

মমতা বেনাৰ্জীৰ ঘনিষ্ঠ তৃণমূল কংগ্ৰেছৰ এই পাঁচগৰাকী নেতো-নেত্ৰীয়ে যোৱা নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত আনুষ্ঠানিক ভাবে গেৰুৱা বসন পৰিধান কৰে।

এই ৰাজনীতিক কেইগৰাকীয়ে অমিত শ্বাহৰ প্ৰস্তাৱিত পশ্চিমবংগ ভ্ৰমণৰ সময়তে আজি অৰ্থাৎ দেওবাৰে হাওৰাৰ ডুমুৰজলা ময়দানত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰাৰ কথা আছিল যদিও  দিল্লীত বিস্ফোৰণ ঘটাৰ পিছতে শ্বাহৰ ভ্ৰমণ বাতিল হোৱাত শ্বাহে তৃণমূলৰ নেতা-নেত্ৰী কেইগৰাকীক দিল্লীলৈ নিবলৈ বিশেষ চাৰ্টাৰ্ড বিমান পঠিয়াই দিয়ে।

তৃণমূলৰ নেতা-নেত্ৰী কেইগৰাকীৰ বিজেপিত যোগদানে নিশ্চিত ভাবে মমতা বেনাৰ্জীৰ দুৰ্গত আঘাত হানিব।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা কৈলাশ বিজয়ৱাৰগিয়াই এই প্ৰসংগত মন্তব্য কৰি কয় যে পশ্চিমবংগত তৃণমূল কংগ্ৰেছে মানুহক মাত্ৰ সপোন দেখুৱাই আহিছে।

বংগৰ প্ৰতাৰিত জনতাক মোদীৰ নেতৃত্বত বিজেপিয়ে উন্নয়নৰ বাটত আগুৱাই নিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে বিজেপিৰ নেতৃত্বতহে বংগত প্ৰকৃততে সোণাৰ বাংলা গঢ় ল’ব।

উল্লেখ্য বিগত বৰ্ষৰ ১৯ ডিচেম্বৰতো তৃণমূলৰ শক্তিশালী নেতা শুভেন্দু অধিকাৰীয়ে বিজেপিত যোগ দিছিল।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd