NORTHEAST NOW (Assamese)

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত এতিয়ালৈ ৫০ গৰাকী লোকৰ মৃত্যু

October 15, 2020 10:12 pm · এন ই নাও নিউজ

তেলেংগানাত অতিবৃষ্টিৰ ফলত হোৱা বানপানীত বৰ্তমানলৈ ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত এই কথা সদৰী কৰা হয়।

অন্ধ্ৰ উপকূলত মঙলবাৰে সৃষ্টি হোৱা অতিচাপৰ ফলত সমগ্ৰ তেলেংগানাত তীব্ৰ বৃষ্টিপাত হয় আৰু ইয়াৰ ফলত হায়দৰাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে।

এই বৃষ্টিপাতৰ ফলত হোৱা প্ৰচণ্ড বানপানীয়ে ইতিমধ্যে তেলেংগানাৰ বহু কেইখন জিলাক ক্ষতিগ্ৰস্ত কৰিছে।

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বানপানীৰ ফলত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

দেশৰ বিভিন্ন স্থানৰ নাগৰিকে তেলেংগানাৰ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

ছ’চিয়েল মিডিয়াতো ‘তেলেংগানাৰ সৈতে থিয় হওঁক’ ট্ৰেণ্ড কৰা দেখা গৈছে।

বানপানীৰ কৱলত আৱদ্ধ হৈ পৰা নাগৰিক সকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ভাৰতীয় সেনা বাহিনীৰ দল প্ৰথমৰ পৰা মোতায়েন কৰা হৈছে।

Related News