• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মধ্যপ্ৰদেশত খ্ৰীষ্টানসকলৰ ওপৰত বজ্ৰং কৰ্মীৰ আক্ৰমণৰ প্ৰতিবাদত ৭ জানুৱাৰিত গাৰোপাহাৰৰ গীৰ্জাসমূহৰ প্ৰতিবাদমূলক বিশেষ প্ৰাৰ্থনা

ছাইদুল খান by ছাইদুল খান
January 5, 2018 10:06 pm
বজ্ৰং দল
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাৰোপাহাৰৰ গীৰ্জা সমূহে অহা ৭ জানুৱাৰিত প্ৰতিবাদ সাব্যস্ত কৰিব। মধ্যপ্ৰদেশৰ ৱিডিচাৰ চেইণ্ট মেৰিজ পি জি কলেজৰ এ বি ভি পিয়ে যোৱা ৪ জানুৱাৰিত এক বিশেষ ধৰণৰ পূজা আগবঢ়োৱাৰ প্ৰচেষ্টা চলোৱাৰ পিছতে প্ৰতিবাদৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেইদিনাখন গীৰ্জা সমূহে উত্তৰ-ভাৰতত সঘনে বজ্ৰং দলৰ আক্ৰমণৰ সন্মুখীন হোৱা খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলৰ হৈ প্ৰাৰ্থনা আগবঢ়োৱাৰ যোগেৰে প্ৰতিবাদ সাব্যস্ত কৰিব।

Apply Now

টুৰাৰ বিশ্বপে আজি প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত কোৱা হৈছে, ‘সংখ্যালঘু সম্প্ৰদায় সমূহৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত বাঢ়ি অহা অসহিষ্ণুতা আৰু হিংসা মেঘালয়ৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ বাবে এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।’

বিবৃতিটোত লগতে কোৱা হৈছে, ‘গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপত যদিও উক্ত প্ৰচেষ্টা বিফল হ’ল তথাপি ভয় আৰু উদ্বিগ্নতা লৈ তাত জীয়াই থাকিব লগা হোৱা তেনেই কম সংখ্যক সংখ্যালঘু খ্ৰীষ্টান সচাঁকৈয়ে এক চিন্তাৰ কাৰণ।’

বিবৃতিটোৰ মতে এই আসামাজিক শক্তি সমূহে চৌপাশৰ দেৱাল পাৰ হৈ পূৰ্বতেও যোৱা ৩০ ডিচেম্বৰত একেখন কলেজতে আক্ৰমণ চলাইছিল।

ইয়াত লগতে কোৱা হৈছে যে ২০ গৰাকীতকৈও অধিক আৰক্ষী উপস্থিত থকা অৱস্থাতে সংঘটিত হোৱা এই আক্ৰমণৰ সময়ত আৰক্ষী সকল কেৱল নীৰৱ দৰ্শক হৈ ৰৈছিল। বিবৃতিটোত কোৱা হৈছে, ‘এই ধৰণৰ সন্ত্ৰাসবাদ অগ্ৰহণযোগ্য। এই ভুৱা জাতীয়তাবাদ বন্ধ হ’বই লাগিব। পূৰ্বে চটনা জিলাত দেখাৰ দৰে এই ধৰণৰ দলবদ্ধ আক্ৰমণবোৰে সাহস পোৱাটো উদ্বেগজনক আৰু আমনিদায়ক।’

বিবৃতিটোৱে কয় যে ভাৰতৰ কেথলিক বিশ্বপ সন্মিলনে প্ৰেৰণ কৰা অধিবক্তা দলে প্ৰতিবেদন দিছে যে সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায় ভয় আৰু উদ্বেগৰ মাজত আছে। তেওঁলোকৰ মতে বজ্ৰং দলৰ কৰ্মীসকলে খ্ৰীষ্টান সকলৰ বিৰুদ্ধে অশ্লীল ভাষাত শ্ল’গান দিছিল।

বিবৃতিটোত কোৱা হৈছে, ‘বজ্ৰং দলৰ কৰ্মীসকলে আমাৰ ভাতৃসকল আৰু যাজক সকলক এজন এজনকৈ আগবাঢ়ি আহিবলৈ দি প্ৰত্যেকৰে ফটো আৰু ফোন নাম্বাৰ লৈছিল আৰু আৰক্ষীয়ে নীৰৱে চাই আছিল। এনে লাগিছিল যেন আৰক্ষীৰ পৃষ্ঠপোষকতাত বজ্ৰং দলৰ কৰ্মীসকলে সম্পূৰ্ণ ঘটনাটোৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছিল। বজ্ৰং কৰ্মীসকলে ইমান নিৰ্মমভাৱে ঠেলা-গতা সোধাইছিল যে বহুজনে আঘাত পাব লগীয়া হৈছিল। তেওঁলোকে আমাৰ ভাতৃসকলক জয় শ্ৰীৰাম, জয় বজ্ৰংবলী ক’বলৈ জোৰ কৰিছিল।’

এই ঘটনাটোৰ লগতে গো-ৰক্ষা সম্পৰ্কীয় আৰু উত্তৰ প্ৰদেশৰ এজন বিধায়কে গো-হত্যা কৰা সকলৰ ঠেং ভাঙিব বুলি দিয়া ভাবুকি আদি ঘটনা দেশৰ সামাজিক সম্প্ৰীতি আৰু উন্নয়নৰ প্ৰতি একোটা ভাবুকি। এনে লাগিছে যেন এই শক্তি সমূহৰ প্ৰতি সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহৰ সমৰ্থন আছে।

বিবৃতিটোত লগতে তেওঁলোকৰ উত্তৰ ভাৰতৰ ভাই-ভনীসকলৰ হৈ প্ৰাৰ্থনা কৰাৰ বাবে আৰু ৭ জানুৱাৰিৰ দিনা সংখ্যালঘু বিৰোধী মানসিকতাৰ বিৰুদ্ধে প্ৰাৰ্থনাৰ দিনৰূপে সমগ্ৰ গাৰোপাহাৰতে বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ বাবে গীৰ্জাৰ নেতাসকলে সকলোকে আহ্বান জনায়।

 

ছাইদুল খান

ছাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd