NORTHEAST NOW (Assamese)

বিটিএডি গাওঁবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱস পালন

January 6, 2018 6:01 pm · ৰিনয় বসুমতাৰী

আজি কোকৰাঝাৰ জিলাৰ খাৰগাঁওস্থিত বিটিএডি গাওঁবুঢ়া ভৱনত বিটিএডি গাওঁবুঢ়া সন্থাৰ ১৩ তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বিটিএডি গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীটোত তেওঁলোকে বিটিএডি গাওঁবুঢ়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত গোপাল চন্দ্ৰ বসুমতাৰীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। অনুষ্ঠানটোত বিটিএডি গাঁওবুঢ়া সন্থাৰ সভাপতি ধনঞ্জয় ব্ৰহ্মই বিটিচি প্ৰশাসনে গাঁওবুঢ়া সন্থাৰ সতে সহযোগিতা নকৰাৰ অভিযোগ তোলে। তেওঁৰ উপৰি সন্থাটোৰ বাকীসকল সদস্যয়ো ৰাজহ গাঁও অনুপাতে চৰকাৰে গাওঁবুঢ়া নিযুক্তি নিদিয়াৰ অভিযোগ আনি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। মন কৰিবলগীয়া যে কোকৰাঝাৰ আৰু চিৰাং জিলাত এজনো চৰকাৰী গাওঁবুঢ়া নাই। আনহাতে গাওঁবুঢ়া নিযুক্তিত অৰ্হতা আৰু চৰ্ত আৰোপ কৰাৰ প্ৰতিবাদত একাংশ গাওঁবুঢ়াই ন্যায়ালয়ত গোচৰ তৰাৰ ফলত গাওঁবুঢ়া নিযুক্তিৰ বিষয়টো বৰ্তমান ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে। চৰকাৰী নটিফিকেচন মতে কোকৰাঝাৰত ৩১৭ টা গাওঁবুঢ়াৰ পদ আৰু চিৰাঙত ১৭২ টা গাঁওবুঢ়াৰ পদ আছে যদিও জিলাদুখনত এজনো চৰকাৰী গাঁওবুঢ়া নাই।

 

 

Related News