নিৰ্বাচন কেন্দ্ৰিক ভ্ৰমণসুচী লৈ উত্তৰ-পূৰ্বাঞ্চললৈ অহা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমিত শ্বাহে আজি গুৱাহাটীত উপস্থিত হৈ নীলাচল পাহাৰত অৱস্থিত ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ দৰ্শণ কৰে। ইয়াৰ পিছতে তেওঁ মেঘালয় অভিমুখে ৰাওনা হয়। মেঘালয় আৰু ত্ৰিপুৰাত হ’ব লগীয়া আগন্তুক নিৰ্বাচনক লৈ দুদিনীয়া ভ্ৰমনসুচীৰে অহা বিজেপি সভাপতি গৰাকীয়ে শনিবাৰে মেঘালয়ৰ গাৰো পাহাৰত অৱস্থিত তিক্ৰিকিল্লাত অনুষ্টিত এখন জনসভাক সম্বোধন কৰে। কংগ্ৰেছ শাসিত ৰাজ্যখনত অমিত শ্বাহৰ এই ভ্ৰমণে গাৰো পাহাৰৰ ভোটাৰ সকলৰ মাজত যথেষ্ঠ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। আজি নিশাটো শ্বিলঙত কটাই তেওঁ দেওবাৰে পুৱাই ত্ৰিপুৰালৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে মেঘালয় আৰু ত্ৰিপুৰাত অহা ফেব্ৰুৱাৰি মাহত হ’ব লগীয়া নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপি সভাপতি গৰাকীৰ উক্ত ভ্ৰমনে যথেষ্ট তাৎপৰ্য বহন কৰিছে। নেতাজনক ভ্ৰমণসুচীটোত জেষ্ঠ বিজেপি নেতা ৰাম মাধৱ আৰু মহেন্দ্ৰ সিঙৰ উপৰি অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংগ দিয়ে।
আনহাতে যোৱা বছৰৰ ডিচেম্বৰ মাহত মেঘালয় ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে শ্বিলংত অনুষ্ঠিত এখন জনসমাৱেসক সম্বোধন কৰি ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল।