• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 6:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম মন্দিৰৰ চান্দা চুৰি আৰু দুৰ্নীতিৰ অভিযোগ পোহৰলৈ অহাৰ পিছত এইবাৰ প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে স্থায়ীভাৱে মুখ্য কাৰ্যবাহী বিষয়া বা চি ই অ‘ নিযুক্তি দিয়াৰ দিশে আগবাঢ়িছে। এই পদৰ বাবে জমা পৰা পাঁচ হাজাৰ তিনিশৰো অধিক আবেদনৰ মাজৰ পৰা প্ৰাথমিক বাছনি কৰি ১৮ জন প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মাতি পঠিওৱা হৈছে। মন্দিৰৰ চৌহদতে আগন্তুক দুদিন ধৰি এই সাক্ষাৎকাৰ পৰ্ব চলিব।

 মন্দিৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চি ই অ‘ পদৰ সাক্ষাৎকাৰ ল‘বলৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। এই সমিতিত আছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) বিষ্ণুকান্ত চতুৰ্বেদী আৰু শিৰডী ছাঁই বাবা ট্ৰাষ্টৰ প্ৰাক্তন অধ্যক্ষ তথা বিজ্ঞানী সুৰেশ হাৱৰে। ট্ৰাষ্টৰ সূত্ৰই জনোৱা মতে, প্ৰশাসনিক ক্ষেত্ৰত অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক এই পদৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ‘ব।

Apply Now

 অৱশ্যে চি ই অ‘ পদৰ বাবে ট্ৰাষ্টৰ তৰফৰ পৰা কিছুমান কঠোৰ নিয়ম বা চৰ্ত বান্ধি দিয়া হৈছে। নিৰ্বাচিত প্ৰাৰ্থীজন নিশ্চিতভাৱে এগৰাকী সনাতনী হিন্দু হ‘ব লাগিব আৰু তেওঁ হিন্দু পৰম্পৰা আৰু নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। ইয়াৰ উপৰিও প্ৰাৰ্থীজন সম্পূৰ্ণৰূপে নিৰামিষভোজী আৰু ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা বিৰত থকা হ‘ব লাগিব। প্ৰাৰ্থীৰ বয়স ৫০ ৰ পৰা ৭০ বছৰৰ ভিতৰত হোৱাটো বাধ্যতামূলক।

 উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহৰ প্ৰথম সপ্তাহত ৰাম মন্দিৰৰ চান্দা বা ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ট্ৰাষ্টৰ তৰফৰ পৰা এগৰাকী পূৰ্ণকালীন চি ই অ‘ নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰে যোৱা ১৩ জুনত এই ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰে। প্ৰাথমিক তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত যোৱা ২৫ জুনত এজাহাৰ দাখিল কৰা হয় আৰু আৰক্ষীয়ে অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰমাশংকৰ মিশ্ৰ, সুভাষ শ্ৰীবাস্তৱ আৰু ৰমাশংকৰ যাদৱ ওৰফে টিনু যাদৱ নামৰ আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

 তদন্তৰ সময়ত আৰক্ষীয়ে ধৃত লোকসকলৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত কেৱল অবিনাশ শুক্লাৰ পৰাই সৰ্বাধিক ২০ লাখ ৩৯ হাজাৰ টকা উদ্ধাৰ কৰা হৈছিল। ইয়াৰ লগতে সোণ, ৰূপ আৰু বিদেশী মুদ্ৰাও জব্দ কৰা হয়। চান্দা আত্মসাৎ কৰাৰ এই তদন্তৰ মাজতেই মন্দিৰৰ প্ৰশাসনিক আৰু ব্যৱসায়িক দিশসমূহ চোৱাচিতা কৰাৰ বাবে চি ই অ‘ নিযুক্তিৰ প্ৰক্ৰিয়া এতিয়া একেবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হৈছেহি।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

August 10, 2026 5:52 pm
পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

পদাৰ্থ বিজ্ঞানৰ জগতত ভাৰতৰ বিশেষ গৌৰৱ, ষ্টীফেন হকিন্সৰ দৰেই ডিৰাক পদকেৰে সন্মানিত অধ্যাপক দীপক ধৰ

August 10, 2026 5:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd