• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত কৰ’নাৰ সংক্ৰমণ; ৫৪গৰাকী স্বাস্থ্যকৰ্মী, ১৮গৰাকী আৰক্ষীৰ কোভিড-১৯ পজিটিভ

Smita Addy স্মিতা ভট্টাচাৰ্য্য
যোৰহাট , July 17, 2020 7:42 am

2 min read

COVID-19-2-660x375

প্ৰতিনিধিত্বমূলক ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন লকডাউনৰ সময়ছোৱাত জনসাধাৰণক প্ৰশাসনৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনাইছে।

ইয়াৰ পূৰ্বে প্ৰশাসনে যোৱা ৯জুলাইৰ পৰা ১৫জুলাইলৈকে যোৰহাট পৌৰসভা এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল।

কিন্তু পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই পৌৰসভাৰ অধীনৰ এলেকাৰ উপৰিও ১১টা মফচলীয়া অঞ্চলত লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

প্ৰশাসনে কেইবাটাও কাৰণত লকডাউন বৃদ্ধি কৰিছে যদিও ক্ষিপ্ৰ গণ সংক্ৰমণেই হৈছে প্ৰধান কাৰণ।

উপায়ুক্ত ৰোশ্নি এ কোৰাটিয়ে প্ৰকাশ কৰে যে ১জুলাইৰ পৰা ৯জুলাইলৈকে ভ্ৰমণ বৃত্তান্ত নথকা ৬৩ জন ৰোগী আছিল যদিও বৃহস্পতিবাৰে এই সংখ্যা ২৮৬জনলৈ বৃদ্ধি পায়।

বিগত ১১দিনৰ ভিতৰত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা দুগুণতকৈয়ো অধিক বৃদ্ধি পাইছে।

যোৰহাটত মুঠ আক্ৰান্ত ৬০৫জনৰ ভিতৰত ২৫০জনক আৰোগ্য লাভৰ পাছত মুক্ত কৰা হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৪৯জন।

বৃহস্পতিবাৰে মুঠ ৯২জন আক্ৰান্তৰ ভিতৰত ৭৭জনৰেই নাছিল কোনো ভ্ৰমণ বৃত্তান্ত।

কোৰাটিয়ে লগতে জানিবলৈ দিয়ে যে বিগত দুটা সপ্তাহত ৫৪গৰাকী স্বাস্থ্যকৰ্মী আৰু ১৮গৰাকী আৰক্ষীৰ লোক আক্ৰান্ত হৈছে। আনহাতে, দুগৰাকী লোকৰ মৃত্যু হৈছে।

কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বৃহস্পতিবাৰে তিতাবৰৰ প্ৰথম ৰেফাৰেল য়ুনিটৰ অ’পিডি বন্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ কৰ্মৰত সকলোৰে নমুনা সংগ্ৰহ কৰা হৈছে।

উপায়ুক্তগৰাকীয়ে কয় যে এই লকডাউনত গেলামাল, সাহায্য, শাক-পাচলি আৰু ঔষধ-পাতিকে ধৰি অত্যাৱশ্যকীয় যোগান সেৱা মুকলি থাকিব।

তেওঁ সোনকালে যাতে স্বাভাৱিক জীৱন যাত্ৰা ঘুৰি আহিব পাৰে তাৰ বাবে জনসাধাৰণক লকডাউন মানি চলিবলৈ আহ্বান জনায়।

Tags: COVID_19

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd