তামিলনাডুৰ বিনিয়োগকাৰীক অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

‘অসম চৰকাৰে ৰাজ্যখনত বাণিজ্য অনুকূল পৰিৱেশ নিৰ্মাণেৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। এক্ট ইষ্ট নীতিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে দক্ষিণ পূব এছিয়াৰ সৈতে ভাৰতৰ যোগসূত্ৰিতাৰ প্ৰধান কেন্দ্ৰত পৰিণত কৰিছে।’ এডভাণ্টেজ আছাম : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ অংশ ৰূপে চেন্নাইত অনুষ্ঠিত হোৱা এক ৰ’ড শ্ব’ত অংশ গ্ৰহণ কৰি তামিল নাডুৰ বিভিন্ন কোম্পানীক অসমত বিনিয়োগৰ বাবে আহ্বান জনাই আজি এইদৰে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগী সকলক বিশ্ব প্ৰেক্ষাপটত তুলি ধৰাৰ লগতে দেশী-বিদেশী কোম্পানী সমূহৰ পৰা বিনিয়োগ আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে অহা মাহত অসমে এডভাণ্টেজ আছাম : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ৰ আয়োজন কৰিছে বুলি অৱগত কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই সন্মিলনৰ জৰিয়তে বাংলাদেশ, ভূটান, নেপাল আৰু আছিয়ান দেশ সমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলি অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বিশুদ্ধ জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যতা ৰাজ্যখনৰ সম্পদ বুলি উল্লেখ কৰি ৰাজ্যত পৰ্যটন গোট স্থাপনৰ ক্ষেত্ৰত চৰকাৰে কৰ ৰেহাই আৰু মূলধনী ৰাজ সাহায্য দিয়াৰ কথাও মুখ্য মন্ত্ৰীজনে উল্লেখ কৰে।

অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত চলচ্চিত্ৰ দৃশ্য গ্ৰহণৰ বাবে তামিল চলচ্চিত্ৰ নিৰ্মাতা সকলক আহ্বান জনায় মুখ্য মন্ত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকক আকৰ্ষণীয় উদগনিমূলক সাহায্য প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে।

ৰ’ড শ্ব’ৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে বিভিন্ন বৃহৎ ব্যৱসায়িক গোষ্ঠী সমূহৰ মুৰব্বী সকলৰ সৈতে আলোচনাত মিলিত হয়।

আজিৰ ৰ’ড শ্ব’ত মুখ্য মন্ত্ৰীৰ সৈতে ৰাজ্যৰ তথ্য প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব আৰু ফিকি(FICCI) চেন্নাইৰ প্ৰতিনিধিও উপস্থিত থাকে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে এডভাণ্টেজ আছাম : বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ নামে বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰিছে।