মোদীৰ চৰকাৰে যিমানেই হিতাধিকাৰী সৃষ্টি কৰাৰ দাবী নকৰক কিয়, দেশত মুঠেও হ্ৰাস, পোৱা নাই দৰিদ্ৰ লোকৰ সংখ্যা। এই কথা পুনৰবাৰ প্ৰমাণ হৈছে বিশ্ব বেংকৰ এক প্ৰতিবেদনৰ পৰা।
বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত মুঠ ৫.৬ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ কৱলত পৰিছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি নামৰ সংস্থাটোৱে দেশৰ বিভিন্ন ঠাইক সামৰি চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। বিশ্ব বেংকৰ ‘প’ভাৰ্টি এণ্ড শ্বেয়াৰ্ড প্ৰছপেৰিটি ২০২২’ শীৰ্ষক প্ৰতিবেদনত ২০২০ বৰ্ষত ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি কোৱা হৈছে।
শেহতীয়াকৈ আইএমএফৰ প্ৰতিবেদনতো ২.৩ কোটি ভাৰতীয় দৰিদ্ৰতাৰ গ্ৰাসত পৰা বুলি কোৱা হৈছে।
বিশ্ব বেংকৰ প্ৰতিবেদনত কেকোভিডৰ বাবেই ২০২০ চনত বিশ্বৰ দৰিদ্ৰতা ৯.৩ শতাংশ বৃদ্ধি পাইছে বুলি কোৱা হৈছে।
২০১৯ চনতবিশ্বত দৰিদ্ৰ লোকৰ হাৰ আছিল ৮.৪ শতাংশ। ভাৰতত দৰিদ্ৰতা নিৰ্মূলৰ বাবে চৰকাৰে যিবোৰ আঁচনিৰ কথা কৈ আহিছে তেনে আঁচনিসমূহ প্ৰকৃতাৰ্থত সুফলদায়ক হৈ উঠা নাই বুলি বহুতে আলোচনা কৰিছে।