• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰাপত্তাৰক্ষী থকাৰ পাছতো শিৱসাগৰত বেংকৰ ভিতৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫৬ হেজাৰ টকা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিবসাগৰ , August 30, 2018 7:36 am

2 min read

IMG-20180829-WA0033
129
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত থকা এলাহাবাদ বেংকত বুধবাৰে এগৰাকী গ্ৰাহকে ধন জমা থবলৈ বেংকৰ ভিতৰত শাৰী পাতি থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই হাতৰ পৰা টকাখিনি লৈ উধাও হয়। এই ডকাইতি কাণ্ডক লৈ সমগ্ৰ চহৰখনতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে কেন্দ্ৰীয় বজাৰৰ পাচলি ব্যৱসায়ী তুনতুন সিঙৰ পত্নী শ্ৰীকুমাৰী দেৱী নামৰ মহিলা গৰাকীয়ে কালি দুপৰীয়া এলাহাবাদ বেংকত নগদ ৫৬ হাজাৰ টকা জমা থবলৈ আহিছিল। আৰু তেতিয়াই মহিলাগাৰকীৰ পৰা টকাখিনি লুট কৰি লৈ যায়। বেংকৰ ভিতৰৰ পৰা তথা কত়ৃপৰ্ক্ষৰ নিৰাপত্তাৰক্ষী থকা সত্বেও কেনেদৰে এনেধৰণৰ ডকাইতি সংঘটিত হ’বলৈ পালে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰ উপৰি এলাহাবাদ বেংকৰ উক্ত শাখাটোৰ ভিতৰ ভাগতে হওক বা বাহিৰতে হওক কোনো ধৰণৰ চিচিটিভি কেমেৰাৰ ব্যৱস্থা নাই। ইয়াৰ সুবিধা লৈয়ে দুৰ্বত্তই বেংক শাখাটোত বাৰে বাৰে ডকাইতৰ ঘটনা সংঘটিত কৰিব পাৰিছে।

আনহাতে এনেধৰণৰ ডকাইতি কাণ্ডৰ লগত বেংকৰ একাংশ কু অভিসন্ধিৰ ব্যক্তি জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় বাসিন্দাই। কাৰণ বেংকৰ প্ৰৱেশ দুৱাৰতে এজন অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষী থকাৰ পাছতো কেনেকৈ বেংকৰ ভিতৰৰ পৰা এগৰাকী গ্ৰাহকে জমা দিবলৈ অহা ধন ডকাইতি কৰি লৈ যাব পাৰিলে তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰে।

বেংকৰ গ্ৰাহকে এনেধৰণৰ ঘটনাৰ বাবে বেংক কৰ্তৃপক্ষকেই জগৰীয়া কৰিছে আৰু দৈনিক কোটি কোটি টকাৰ লেনদেন হোৱা এটা ব্যস্ত বেংকত এনে অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ কিছু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও সচেতন লোকে আহ্বান জনাইছে।

Recent News

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd