NORTHEAST NOW (Assamese)

চেম্পিয়নছ ট্ৰফী জয় লাভ কৰা বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকা! প্ৰতিজন খেলুৱৈয়ে পাব ৩কোটিকৈ টকা

March 20, 2025 1:51 pm · এন ই নাও নিউজ, গুৱাহাটী

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে ভাৰতে আইচিচিৰ পৰা ২০ কোটি টকা পুৰস্কাৰ ধন হিচাপে লাভ কৰে। বৃহস্পতিবাৰে এক বিবৃতিত ৰজাৰ বিনিয়ে ঘোষণা কৰে যে চেম্পিয়নছ ট্ৰফীৰ বিজয়ী দলটোক ৫৮ কোটি টকাৰ পুৰস্কাৰ ধন দিয়া হব। এই ধন ক্ৰিকেটাৰ, প্ৰশিক্ষক কৰ্মচাৰী আৰু বাছনি সমিতিৰ সদস্যৰ মাজত ভাগ কৰা হব।

ৰ্ডে কয় যে, “সকলোৱে একেলগে কৰা কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে সমগ্ৰ প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰিছে। ইয়াৰ আৰম্ভণি হৈছিল বাংলাদেশৰ বিৰুদ্ধে ছয় উইকেটৰ জয়ৰে। তাৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ছয় উইকেটৰ জয়। এই গতি বজাই ৰাখি নিউজিলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে।

সভাপতি ৰজাৰ বিনিয়ে কয়, ‘একেৰাহে দুটা আইচিচি ট্ৰফী জয় কৰাটো এক অনন্য কৃতিত্ব। বিশ্ব মঞ্চত ভাৰতীয় ক্ৰিকেটাৰসকলৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ কথা মনত ৰাখি এই বঁটা প্ৰদান কৰা হৈছে। সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছে। ২০২৫ চনত এইটো আমাৰ দ্বিতীয়টো আইচিচি বঁটা। ইয়াৰ পূৰ্বে আমি ১৯ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ লাভ কৰিছো।’

ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “বিচিচিআইয়ে ক্ৰিকেটাৰ আৰু সহায়ক কৰ্মচাৰীসকলক সন্মান জনাই গৌৰৱ অনুভৱ কৰিছে। বছৰ বছৰ ধৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু কৌশলৰ বাবেই তেওঁলোকে বিশ্ব ক্ৰিকেটত শাসন কৰি আছে। চেম্পিয়নছ ট্ৰফী জয়ৰ দ্বাৰা প্ৰমাণিত হৈছে যে ভাৰত কিয় বগা বল ক্ৰিকেটৰ ক্ষেত্ৰত আগৰণুৱা। ভৱিষ্যতেও আমি এইদৰে শাসন কৰি যাম।”

Related News