কৃষক বনাম বিজেপি: আজি ভোটগ্ৰহণ হ’ব লখিমপুৰ খেৰীত

Lakhimpur Kheri

উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত আজি ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌ আৰু লখিমপুৰ খেৰীকে ধৰি ৫৯ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উত্তৰ প্ৰদেশৰ ক্ষমতা কোনে দখল কৰিব, এই লৈ চৰ্চা হোৱাৰ সমানে বিশেষভাৱে চৰ্চিত হৈছে লখিমপুৰ খেৰী সমষ্টিৰ নিৰ্বাচনক লৈও।

লখিমপুৰ খেৰীৰ ভোট যুঁজ মূলত: কৃষক বনাম বিজেপি যুঁজ হিচাপে চিহ্নিত হৈছে। বিজেপিক পৰাভূত কৰিবলৈ খেৰী সমষ্টিত কৃষক সকলে টঙালি বন্ধাৰ সময়তে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বাবেও লখিমপুৰ খেৰীৰ নিৰ্বাচন এক সন্মানৰ যুঁজ হিচাপে প্ৰতিষ্ঠিত হৈছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত সমগ্ৰ দেশতে খলকনি তোলা লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ। আশীষ মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল।

এই নৃশংস হত্যাকাণ্ডত ৪ জন কৃষকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে কৃষকৰ প্ৰতিবাদৰ ওচৰত সেও মানি তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও যোৱা সপ্তাহত মিশ্ৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।

এলাহাবাদ উচ্চ ন্যায়ালয়ে আশীষ মিশ্ৰক জামিন প্ৰদান কৰাৰ পিছতে ইতিমধ্যে কৃষকসকলে উচ্চতম ন্যায়ালয়ত আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনাইছে।

উল্লেখ্য যে লখিমপুৰ খেৰী হত্যাকাণ্ডৰ পিছতে কৃষক সকলৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহেও কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কৃষক তথা বিৰোধীৰ দাবীক আওকান কৰিছিল।

খেৰী কাণ্ডৰ পিছতে কৃষক সকলে উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিক পৰাভূত কৰা হ’ব বুলি সকীয়নি দিছিল। কৃষকসকলে কোনো ৰাজনৈতিক দলকে নিৰ্বাচনত প্ৰত্যক্ষ সমৰ্থন আগনবঢ়ালেও বিজেপিক পৰাস্ত কৰাটো প্ৰধান লক্ষ্য হিচাপে চিহ্নিত কৰিছিল।

উল্লেখ্য লখিমপুৰ জিলাৰ মুঠ ৮ খন আসনৰ আটাইকেইখনেই যোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিছিল। কিন্তু কৃষক সকলৰ বিৰোধৰ পাছত বিজেপি এই আসন কেইখনত পুনৰ বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত প্ৰতিকূলতাৰ সন্মুখীন হ’ব ই ধূৰুপ।