NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ বৰ্ডিং খেলপথাৰত আজিৰ পৰা আৰম্ভ পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ

Posted by: পার্শ্বজোতি গগৈ November 3, 2018 11:06 pm
Sivasagar

শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত চহৰখনৰ বৰ্ডিং খেলপথাৰৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হৈছে পঞ্চম শিৱসাগৰ গ্ৰন্থ উৎসৱ।

১৩ নবেম্বৰলৈ চলিব লগা আৰু দেশৰ বহু কেইটা আগশাৰী প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই গ্ৰন্থ উৎসৱ উদ্ধোধন কৰে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে। যোৰহাট লোকসভা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাচাই ইয়াত মুখ্য অতিথিৰূপে উপস্থিত থাকে।

আজিৰ এই উদ্ধোধনী অনুষ্ঠানতে স্মাৰক গ্ৰন্থ ‘খোজ’, দৈনিক বুলেটিন ‘গ্ৰন্থৰ সুবাস’ আৰু কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে বিশিষ্ট শিক্ষাবিদ ফণী চেতিয়ালৈ ‘ৰংপুৰ গৌৰৱ ২০১৮’ তথা লোক সংগীতৰ সাধক হেম দত্ত আৰু শিক্ষাবিদ মনেশ্বৰ মিলিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

গ্ৰন্থ উৎসৱৰ প্ৰত্যেক দিনাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, চিত্ৰাংকণ, সাধু কোৱা, প্ৰাচীৰ পত্ৰিকা লেখন, বক্তৃতা অনুষ্ঠান, বিজ্ঞান প্ৰকল্পৰ প্ৰতিযোগীতা অনুষ্ঠিত হোৱাৰ লগতে লেখক পাঠকৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।