NORTHEAST NOW (Assamese)

অসম-মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীৰ গুলীত নিহত অসম আৰক্ষীৰ ৬ জোৱান, ৬৫ জন আহত

July 26, 2021 7:49 pm · এন ই নাও নিউজ
Updated: July 26, 2021 8:50 pm

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা। মিজো দুষ্কতিকাৰীৰ গুলীচালনাত নিহত হৈছে অসম আৰক্ষীৰ ৬ জনকৈ জোৱান।

আনহাতে এই ঘটনাত আহত হৈছে ৬৫ জনকৈ লোক।

ইয়াৰে ৪৭ জনক ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত।

কাচাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্তা নিম্বালকাৰ এই ঘটনাত গুৰুতৰ ভাবে আহত হোৱাৰ খবৰ পোৱা গৈছে।তেওঁৰ দেহতো গুলী লাগিছে।

তেওঁকো সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হৈছে।বাতৰি যুগুত কৰা পৰলৈকে মিজো দুষ্কৃতিকাৰীয়ে অসমভূমিলৈ লক্ষ্য কৰি গুলী চলায়েই আছে।

সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে। উল্লেখ্য মিজোৰামৰ দুস্কৃতিকাৰীয়ে আজি কাচাৰৰ উপায়ুক্ত কাৰ্থি জাল্লীক লক্ষ্য কৰি গুলিচালনা কৰাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰে সীমান্ত অঞ্চল।

সীমান্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লব’লৈ যোৱাৰ সময়তে মিজো দুস্কৃতিকাৰীয়ে কাচাৰৰ উপায়ুক্তৰ কনভয়লৈ লক্ষ্য কৰি গুলিচালনা কৰে।গুলীৰ আঘাতত উপায়ুক্তৰ বাহন খনৰ যথেষ্ট ক্ষতিসাধন হয়।

উল্লেখ্য ইয়াৰ পূৰ্বেও ১০ জুলাইৰ নিশা উপায়ুক্ত গৰাকীক লক্ষ্য কৰি মিজো দুস্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰিছিল।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অসম-মিজোৰাম সীমান্ত ভ্ৰমণ কৰিব অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ মিজোৰ হিংসাৰ কৱলত পৰা কাছাৰৰ লাইলাপুৰ এলেকা ভ্ৰমণ কৰি পীয়ুষ হাজৰিকাই কাছাৰৰ উচ্চপদস্থ বিষয়াৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে বৈঠক অনুষ্ঠিত কৰি বিশেষ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে৷

হিংসাত্মক ঘটনাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎকালে মন্ত্ৰী পীয়ুষ হাজৰিকাক উক্ত এলেকা পৰিদৰ্শন কৰিবলৈ কয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মন্ত্ৰী হাজৰিকাই ৰাওনা হয় হিংসা সংঘটিত এলেকালৈ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাই টেলিফোনিক বাৰ্তালাপ কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে৷

হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে মই মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতে কথা পাতিছো৷ তেখেতক পুনৰ কৈছে যে ৰাজ্য আৰু ৰাজ্যৰ সীমাৰ মাজত শান্তি ৰক্ষা কৰিবলৈ অসমে মৰ্যাদা বজাই ৰাখিব। মই আইজল ভ্ৰমণ কৰি বিষয়বোৰ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো বুলিও কয় ড০ শৰ্মাই৷ মিজোৰাম সীমান্তত হিংসাত্মক ঘটনাৰ ফলত কাছাৰৰ লাইলাপুৰ সীমান্তত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে৷

মিজো নিৰাপত্তাৰক্ষীয়ে অসমৰ নাগৰিক-প্ৰশাসনৰ লোকক লক্ষ্য কৰি গুলীচালনা কৰাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে৷ সীমান্ত অঞ্চলত গুলীচালনাৰ লগতে চৰকাৰী বাহনত আক্ৰমণ কৰে মিজো দুৰ্বৃত্তই৷

অসমৰ প্ৰশাসনৰ দলে সীমান্ত পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে আজি প্ৰশাসনৰ দলক লক্ষ্য কৰি মিজোৰামৰ সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাত অসমৰ নিৰাপত্তাৰক্ষীসহ ৬গৰাকী লোক নিহত হৈছে৷ তাৰ পিছতে দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী এলেকাৰ নাগৰিকৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে নাগৰিক৷

Related News