বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত নতুনকৈ পুনৰ ২৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷
আনহাতে সুস্থ হৈ উঠিছে ১৭ জনকৈ ৰোগী ৷
জিলাখনত নতুনকৈ ২৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত মুঠ ১৬৩ জন সক্ৰিয় ৰোগী আছে ৷
ইয়াৰ ভিতৰত ১২৬ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷
আনহাতে সোমবাৰে জিলাখনত মুঠ ৭,১৬৯ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷
জিলাখনত ১ মাৰ্চৰ পৰা ২৬ জুলাই লৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৬২৩ জন হৈছে ৷