মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও

মধ্যপ্ৰদেশৰ ৰাতলাম জিলাত আজি সন্ধিয়া সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকে পথৰ কাষৰ বাছ ষ্টপেজত বাছৰ বাবে অপেক্ষা কৰি থকা এদল লোকক মহতীয়াই নিয়াৰ ফলত প্ৰাণ হেৰুৱাইছে ৬ গৰাকী লোকে।

এই ভয়াৱহ দুৰ্ঘটনাত লগতে আন ১০ গৰাকী লোক আহত হয়। ইয়াৰে ৮ গৰাকীৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। ৰাতলাম জিলা সদৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা ৰাটলাম-লেবাদ পথৰ সমীপত সংঘটিত হয় এই ঘটনা।

জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সূৰ্যবংশীয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, “ছয়গৰাকী লোক দুৰ্ঘটনাত নিহত হোৱাৰ লগতে আন ১০ গৰাকী আহত হৈছে। ইয়াৰে ৮ জনৰ অৱস্থা সংকটজনক। আঘাতপ্ৰাপ্ত লোকসকলক উন্নত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।”

প্ৰকাশিত খবৰ মতে, ৰাতলামৰ পৰা বদনাৱাৰ অভিমুখে গৈ থকা অৱস্থাত ট্ৰাকখনৰ টায়াৰ ফাটি যোৱাৰ ফলত তীব্ৰবেগী বাহনখন নিয়ন্ত্ৰণ কৰাত চালকগৰাকী বিফল হয় আৰু পথৰ কাষৰ বাছ ষ্টপত ৰৈ থকা এদল লোকক মহতীয়াই লৈ যায়।

জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ঘটনাৰ পাছতে জব্দ কৰা হয়। অৱশ্যে ট্ৰাক চালকগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

দুৰ্ঘটনাত আহত হোৱা এগৰাকী যুৱকে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে দ্ৰুতবেগী ট্ৰাকখনে কমেও ২০ গৰাকী লোকক মহতীয়াই নিছিল।

আনহাতে প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন বাছৰ বাবে ৰৈ থকা মানুহখিনিৰ ফালে গতি কৰাৰ সময়ত তেওঁলোক পলাবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু দুৰ্ঘটনাত পতিত হয়।