• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুছলিমদ্ৰোহী অ’বামা! আক্ৰমণাত্মক সীতাৰমণৰ তীব্ৰ বাক্যশেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2023 11:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত মুছলমান লোকৰ ওপৰত নিৰ্যাতনৰ অভিযোগ তুলি তীব্ৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি বাৰাক অ’বামা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অ’বামা সন্দৰ্ভত বিতৰ্কিত মন্তব্যই বিশ্বজুৰি তোলপাৰ লগোৱাৰ সময়তে এইবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক আক্ৰমণ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰক দোষমুক্ত কৰি পৰোক্ষভাৱে অ’বামাকহে মুছলমান বিৰোধী ৰূপত প্ৰক্ষেপ কৰে। সীতাৰমণৰ মতে, নিজ কাৰ্যকালত ছয়খন মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰত বোমা বিস্ফোৰণ ঘটোৱা অ’বামাৰ অভিযোগক কোনেও বিশ্বাস নকৰে।

Apply Now

সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰে কেনেদৰে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰ ওপৰত কাম কৰে আৰু কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য নকৰে, সেয়া আমেৰিকাত ইতিমধ্যেই উল্লেখ কৰিছে। গতিকে অ’বামাৰ অভিযোগত হতবাকহে হৈ পৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় যে, ভাৰতে আমেৰিকাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বিচাৰে অথচ আমেৰিকাৰ পৰা ভাৰতত ধৰ্মীয় সহিষ্ণুতা সন্দৰ্ভত অভিযোগ উত্থাপন হয়।

ৰাষ্ট্ৰপতি হিচাপে যিগৰাকীৰ শাসনকালত ছয়খন মুছলমান সংখ্যাগৰিষ্ঠ দেশত ২৬,০০০ তকৈও অধিক বোমা বিস্ফোৰণ কৰা হৈছিল, মানুহে তেওঁৰ অভিযোগক কেনেকৈ বিশ্বাস কৰিব বুলি অ’বামাক কটাক্ষ কৰে সীতাৰমণে।

উল্লেখ্য যে, এক সাক্ষাৎকাৰত অ’বামাই প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁৰ সৈতে যদি বাৰ্তালাপ কৰিলেহেঁতেন, তেতিয়া ভাৰতৰ মুছলমানসকলৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল।

অ’বামাৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মূলত: অ’বামাৰ ধৰ্মীয় পৰিচয়ক কটাক্ষ কৰি ভাৰততো বহুতো “হুছেইন অ’বামা” আছে আৰু আৰক্ষীয়ে এই হুছেইন অ’বামাৰ যত্ন লোৱাত অগ্ৰাধিকাৰ দিয়ে বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd